ETV Bharat / state

বন্যহস্তীয়ে নষ্ট কৰিছে বিঘাই বিঘাই ধান খেতি

author img

By

Published : Oct 10, 2019, 5:22 AM IST

Updated : Oct 10, 2019, 12:29 PM IST

ধেমাজিৰ জোনাইত অব্যাহত বন্য হস্তীৰ উপদ্ৰৱ ৷ 4 জনীয়া হাতীৰ জাক এটাই কেইবাটাও পৰিয়ালৰ কেইবাবিঘা ধান ভক্ষণ কৰে ৷ জোনাই বন বিভাগৰ চৰম অৱহেলাত ক্ষোভ উজাৰিছে ভুক্তভোগী ৰাইজে ৷

হাতী মানুহৰ সংঘাত অব্যাহত

ধেমাজি, 9 অক্টোবৰঃ ধেমাজিৰ জোনাইত অব্যাহত বন্য হস্তীৰ উপদ্ৰৱ ৷ জোনাইৰ লেকু জেলমত বন্য হস্তীয়ে বিঘাই বিঘাই তহিলং কৰে ধান ৷ 4 জনীয়া হাতীৰ জাক এটাই কেইবাটাও পৰিয়ালৰ কেইবাবিঘা ধান ভক্ষণ কৰে ৷ কেৱল ধানেই নহয় বাৰীৰ কলগছ, তামোল গছ আদিও বিনষ্ট কৰে হাতীৰ জাকটোৱে ৷ হাতী খেদিবলৈ যোৱা ৰাইজক ওলোটাই আক্ৰমণ কৰাত আতংকত দিন কটাইছে গাওঁবাসীয়ে ৷ জোনাই বন বিভাগৰ চৰম অৱহেলাত ক্ষোভ উজাৰিছে ভুক্তভোগী ৰাইজে ৷

Intro:Body:জোনাইৰ লেকু জেলমত বন্যহস্তিৰ উপদ্ৰৱ/ খেতিয়কৰ পথাৰত ধান খাই তহিলং

জোনাই ৯ অক্টোবৰ

ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তিৰ উপদ্ৰৱ | ইয়াৰ মাজতে জোনাইৰ লেকু জেলমত বন্যহস্তিয়ে নিন্দ্ৰা হৰণ কৰিছে গঞা ৰাইজক| নিশা কাষতে থকা পবা বনাঞ্চলৰ পৰা ওলাই আহি খেতিয়কৰ বিঘাই বিঘাই পথাৰত ধান খাই তহিলং কৰে জাকে জাকে বন্য হস্তিয়ে | যোৱা নিশা বনাঞ্চলৰ পৰা ওলাই অহা ৪ জনীয়া বন্যহস্তিয়ে লেকু জেলমৰ কেবাটাও পৰিয়ালৰ পথাৰৰ  কেইবা বিঘা ধান খাই নষ্ট কৰে|  অকল ধানেই নহয় বাৰীৰ কলগছ, তামোল গছ আদিয়ো বন্যহস্তিৰ জাকটোৱে খাই নষ্ট কৰে|  ইফালে খেতিয়কৰ পথাৰত ধান খাই নষ্ট কৰা বন্যহস্তিৰ জাগটোক ৰাইজে খেদিবলৈ যাওঁতে ওলোটা মানুহকে খেদি অহাত এতিয়া গাঁৱখনত সৃষ্টি হৈছে আতংকৰ| কিন্তু ইমানৰ পিছতো জোনাই বন বিভাগে অঞ্চলটোত বন্যহস্তি প্ৰতিৰোধৰ কোনো ব্যৱস্থা নকৰাত আতংকৰ মাজতে ওৰে নিশা উজাগৰে কটাবলগীয়া হৈছে লেকু জেলম গাঁৱৰ ৰাইজে |

কৰবী দলে জোনাই Conclusion:
Last Updated : Oct 10, 2019, 12:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.