ETV Bharat / state

নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে সংবাদমেল জোনাই মহকুমাধিপতিৰ - জোনাই মহকুমা

জোনাই বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কত মহকুমাধিপতিৰ সংবাদমেল । বিশেষভাৱে সক্ষম, ৮০ বছৰৰ উৰ্দ্ধৰ ক'ভিড আক্ৰান্ত ভোটাৰক প’ষ্টেল বেলটৰ সুবিধা ল'বলৈ আহ্বান মহকুমাধিপতি জিমলি শইকীয়া কাকতিৰ ।

সংas_jonai_02_election_related_press_meet_vis_ASC10072বাদ
নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে সংবাদমেল জোনাই মহকুমাধিপতিৰ
author img

By

Published : Mar 5, 2021, 12:47 PM IST

জোনাই ৫ মাৰ্চ: শুকুৰবাৰে নিৰ্বাচন আয়োগে অসমৰ লগতে আন চাৰি ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে । ৰাজনৈতিক দলৰ লগতে নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যৰ প্ৰশাসনৰ ৷ নিৰ্বাচনী প্ৰস্তুতিৰ সন্দৰ্ভত ৰাজ্যৰ প্ৰশাসনিক বিষয়াসকলে সঘনে মিলিত হৈছে বৈঠকত ৷ বৃহস্পতিবাৰে ধেমাজি জিলাৰ জোনাই মহকুমা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে অনুষ্ঠিত কৰা হয় এক সংবাদমেল ।

নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে সংবাদমেল জোনাই মহকুমাধিপতিৰ

অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে সদৰী কৰিছে নিৰ্বাচনৰ বিধি সম্পৰ্কীয় তথ্য । উল্লেখ্য যে, ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰথম বাৰৰ বাবে প্ৰৱৰ্তন কৰা বয়োজেষ্ঠ, ক’ভিড ৰোগী আৰু বিশেষভাৱে সক্ষম লোকৰ প’ষ্টেল বেলট সন্দৰ্ভত জোনাই মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে বুধবাৰে এক সংবাদ মেল সম্বোধন কৰে । এই সংবাদমেলত মহকুমাধিপতিগৰাকীয়ে প’ষ্টেল বেলট সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি উক্ত ব্যৱস্থাসমূহত পৰা লোকসকলক এই বিশেষ বেলটৰ সুবিধা ল’বলৈ আহবান জনায় । বিশেষভাৱে সক্ষম, ৮০ বছৰৰ উৰ্দ্ধৰ ভোটাৰ, ক’ভিড আক্ৰান্ত ব্যক্তিৰ বাবে প’ষ্টেল বেলটৰ সুবিধা আগবঢ়াইছে ৷

উল্লেখিত শ্ৰেণীত অন্তৰ্ভুক্ত ভোটাৰে প’ষ্টেল বেলটযোগে ভোটদান কৰিব বিচাৰিলে তেওঁলোকে সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়া (বিএলঅ)ৰ সৈতে যোগাযোগ কৰিব পাৰিব ৷ ৰিটানিং বিষয়াৰ কাৰ্যালয়ত কতৃৰ্ত্ব প্ৰাপ্ত বিষয়াৰ দ্বাৰা প্ৰদত্ত উপযুক্ত প্ৰমাণ পত্ৰৰ সৈতে ১২-ডি (12-D) নং আবেদন দাখিল কৰিব পাৰিব ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আবেদনৰ অন্তিম তাৰিখ ৬ মাৰ্চ ২০২১ ৷ অনুনাস্থিত ভোটাৰসকলক সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়াসকলে আবেদপত্ৰ ১২ ডি (12-D) প্ৰদান কৰিব তাৰ পিছত আবেদন পত্ৰসমূহ বিএলঅসকলে তেওঁলোকৰ পৰা সংগ্ৰহ কৰিব ৷ লগতে ক'ভিড আক্ৰান্ত বা চিকিৎসাধীন হৈ থকা ব্যক্তিয়ে স্বাস্থ্য বিষয়াই প্ৰদান কৰা প্ৰমাণ-পত্ৰ গাথি দিব লাগিব বুলি মহকুমাধিপতি গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:তৈলনগৰী ডিগবৈত ক’ভিডৰ ভয়াৱহতা: এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.