ধেমাজি , ২৮ ডিচেম্বৰঃ নিৰ্মাণৰ তিনিদিনৰ পিচতেই ঠায়ে ঠায়ে উন্মুক্ত হৈ পৰিছে ধেমাজি গড়কাপ্তানি বিভাগৰ এটি পথ । ধেমাজি গপাক তিনি আলিৰ পৰা ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ যোৱা অতি গুৰুত্বপূৰ্ণ পথটো পুনৰ মেৰামতি চলি থকা সময়তে ঠায়ে ঠায়ে শিল-আলকাতাৰা মিশ্ৰণ এৰি উন্মুক্ত হৈ পৰিছে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে পথটোৰ ৰজাবাৰী আৰু কানকান চাপৰিত অতি নিম্নমানদণ্ডৰে মেৰামতি কৰিছে । যাৰ ফলত সামান্য ভৰিৰ খোজতেই এৰাই গৈছে শিল-আলকাতাৰাৰ মিশ্ৰণ । সেয়ে পথটোৰ এনেদৰে অনিয়মেৰে মেৰামতি কৰাক লৈ সংশ্লিষ্ট বিভাগ তথা ঠিকাদাৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ।
লগতে পঢ়ক: প্ৰেম, ধৰ্মান্তকৰণ তাৰ পাচত ধন দাবী প্ৰেমিকাৰ পৰিয়ালক