ETV Bharat / state

বেৰাচাপৰিত ২ কোটি টকীয়া পাৰ্কুপাইন আঁচনিৰ কামৰ শুভাৰম্ভ

author img

By

Published : Aug 21, 2020, 6:59 PM IST

জোনাইৰ বেৰাচাপৰিত ২ কোটি টকীয়া পাৰ্কুপাইন আঁচনিৰ কামৰ শুভাৰম্ভ ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগু ৷

Commencement of work on two crore percupine scheme at Berachapari dhemaji assam etv bharat news
পাৰ্কুপাইন আঁচনিৰ কামৰ শুভাৰম্ভ

জোনাই,21 আগষ্ট: দীৰ্ঘদিন ধৰি ধেমাজিৰ জোনাইৰ ঐৰামঘাট আৰু বেৰাচাপৰিৰ বান আৰু খহনীয়াই শিৰোনাম দখল কৰি আহিছিল সংবাদ মাধ্যমৰ ৷ প্ৰতিবছৰে এই অঞ্চলত চিয়াঙৰ বুকুত জাহ যায় বহু গাঁৱৰ ঘৰ-বাৰীৰ লগতে শ শ হেক্টৰ কৃষি ভূমি ৷ এইবেলি বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী, জলসম্পদ মন্ত্ৰীৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেয়ে ৷ ৰাজ্য চৰকাৰে বান আৰু খহনীয়াৰ বাবে বেৰাচাপৰিত মথাউৰি নিৰ্মাণ আৰু খহনীয়া প্ৰতিৰোধৰ বাবে ক্ৰমে 14 কোটি আৰু ঐৰামঘাটত 6 কোটি টকাৰ পেকেজ ঘোষণা কৰে ৷

পাৰ্কুপাইন আঁচনিৰ কামৰ শুভাৰম্ভ

শুকুৰবাৰে চিয়াং নদীয়ে বিধ্বস্ত কৰা বেৰাচাপৰিত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগু উপস্থিত হৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ শিতানৰ পৰা ২০১৯-২০ বিত্তীয় বৰ্ষৰ ২ কোটি টকা ব্যয় সাপেক্ষে পাৰ্কুপাইন আঁচনিৰ অধীনত কামৰ শুভাৰম্ভ কৰে ৷ উক্ত অনুষ্ঠানত জিলা প্ৰশাসনৰ লগতে শাসকীয় দলৰ কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে চাওকঃ বিশ্বনাথত প্ৰাণ হেৰুৱালে পাঁচমহীয়া পোৱালী হাতীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.