জোনাই, 11 জুলাই : জোনাই বিধানসভা সমষ্টি (Jonai Legislative Assembly)ৰ চেঙাজানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । চমকং গাঁও পঞ্চায়তৰ চেঙাজান গোৱালা গাঁৱত এতিয়া দিনে-নিশাই চপৰা-চপৰে খহিছে ব্ৰহ্মপুত্ৰ (Brahmaputra)ৰ গৰা । দুমাহৰ আগৰ পৰাই চেঙাজান গোৱালা গাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া । খহনীয়াত গাঁৱখনৰ দহ-পোন্ধৰটাকৈ কৃষিজীৱী পৰিয়ালৰ ঘৰ-ভেটি উছন হয় ৷
শেহতীয়াকৈ জলসম্পদ বিভাগে (Water Resources Department) ব্ৰহ্মপুত্ৰৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে চেঙাজান গোৱালা গাঁৱত পকী পাৰ্কুপাইন আঁচনি ৰূপায়ণৰ কাম কিছুদিন পূৰ্বে আৰম্ভ কৰে । ইতিমধ্যে আঠশৰো অধিক পকী পাৰ্কুপাইনৰ বুৰুজ ব্ৰহ্মপুত্ৰ (Brahmaputra)ৰ খহনীয়া প্ৰতিৰোধৰ বাবে সংস্থাপন কৰিছে ৷ ইয়াৰ বিপৰীতে নদীখনৰ বিধ্বংসী খহনীয়াৰ প্ৰকোপত আঁচনিখনে সুফল দিয়াত ব্যৰ্থ হৈছে ।
প্ৰায় দুশ পকী পাৰ্কুপাইনৰ বুৰুজ ব্ৰহ্মপুত্ৰত জাহ গৈছে ।
ধাৰাবাহিকভাৱে ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থকাৰ ফলত চেঙাজান গোৱালা গাঁৱৰ দিশে ত্ৰিশ মিটাৰ ভিতৰলৈ নদীখন সোমাই আহিছে । উল্লেখযোগ্য যে, চেঙাজান গোৱালা গাঁৱত ব্ৰহ্মপুত্ৰ (Brahmaputra)ৰ গভীৰতা ত্ৰিশ-চল্লিশ ফুট ৷ কিন্তু নদীখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে সেৰেঙাকৈ ব্যৱহাৰ কৰিছে দহ ফুট দৈৰ্ঘৰ পাৰ্কুপাইনৰ বুৰুজ । যাৰ ফলত কোনো সুফল দিয়া নাই আঁচনিখনে ।
লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তৰ বিস্ফোৰণস্থলীত উপস্থিত ADGP