ETV Bharat / state

অটো এৰি পথ মেৰামতিত ব্যস্ত অটোচালক - ধেমাজি

সলনি হয় চৰকাৰ , কিন্তু সলনি নহয় অসমৰ গ্ৰামাঞ্চলৰ ছবি

DHEMAJI
author img

By

Published : Feb 10, 2019, 8:59 PM IST

ধেমাজি , ১০ ফেব্ৰুৱাৰী : সমাজত কৰ্মনিষ্টাৰ নিদৰ্শন গঢ়ি তোলা ধেমাজিৰ একাংশ অটোচালক । গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে গড়কাপ্তানী বিভাগৰ পথ । অটো চলায়ে জীৱন নিৰ্বাহ কৰা অটোচালকসকল বাধ্য হ'ল অটোচালনাৰ সলনি হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানী বিভাগৰ পথৰ মেৰামতি কৰিবলৈ ।

DHEMAJI
undefined

বিয়াগোম গড়কাপ্তানী বিভাগৰ উন্নয়ন এতিয়া পৰিণত হৈছে ভালুকৰ সাঙীত । বিভাগটো নিকা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা মন্ত্ৰীগৰাকীৰ দৃষ্টিত নপৰে ৰাজ্যৰ বিধস্ত বাট-পথ । বিধস্ত বাট পথ, বানপানী গৰাখনহনীয়া হেজাৰটা সমস্যাৰে ভাৰাক্ৰান্ত ধেমাজি জিলা । পৰিৱৰ্তন আৰু উন্নয়নে যেন বিপৰীত মেৰুতহে অৱস্থান কৰিছে জিলাখনত । নিৰ্বাচৰ পূৰ্বে জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতিৰ বানেৰে ভৰাই তোলে আকাশ বতাহ । কিন্তু শাসনলৈ অহাৰ পাচত পাহৰি পেলায় ভোটদাতাসকলক । সেয়েহে চৰকাৰ তথা বিয়াগোম বিভাগলৈ অপেক্ষা নকৰি ধেমাজি জিলাৰ একাংশ অটোচালক ব্যস্ত হৈ পৰিল পথ মেৰামতিত ।

বখলা বখলে এৰাই বৃহৎ গাঁতেৰে ভৰি পৰিছে ধেমাজি সদৰৰ পৰা মাছখোৱা-ঢকুৱাখানা হৈ মাজুলীলৈ যোৱা প্ৰায় দহ কিল'মিটাৰ পথ । পথৰ দুৰাৱস্থাত যমৰ যাতনা ভূগিছে বিভিন্ন পথচাৰীয়ে । বিয়াগোম গড়কাপ্তানী বিভাগক এই বিষয়ে বাৰম্বাৰ অৱগত কৰিও সুফল নাপাই অৱশেষত পথ মেৰামতিত ব্ৰতী হ'ল ধেমাজিৰ একাংশ অটোচালক । বাটঘৰীয়া অঞ্চলটোৰ অটোচালকসকলে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি আৰম্ভ কৰিলে দিনে প্ৰায় হাজাৰৰো অধিক যান-বাহন চলাচল কৰা পথচোৱাৰ ।

Intro:অটোৱালা বা অটোচালকক লৈ বিভিন্ন সময়ত সুমধুৰ গীত অথবা ছৱি নিমান হয়।পিছে এইবাৰ ৰিয়েল লাইভত হাতে কামে কি কৰিছে অটোৱালা ই চাওক এইপ্ৰতিবদন :

Body: শ্ৰমিকৰ ৰূপত হাতে হাতে কোৰ , বেলচা ,সাঙী লৈ পথ মেৰামতি ত ব্যস্ত অটোৱালা । অৱশ্যে এয়া কোনো ৰীল লাইভ ৰ দৃশ্য নহয় । এয়া বাস্তৱৰ এক জীয়া ছৱি । গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শমাৰ এটা গুৰুত্বপূৰ্ণ বিধবস্ত গড়কাপ্তানি পথ সংশ্লিষ্ট বিভাগে মেৰামতি নকৰা ৰ ফলত অৱশেষত ওলাই আহিল অটোৱালা সন্থা । বাৰাম্বাৰ অৱগত কৰি অহাৰ পিছতো সংশ্লিষ্ট বিভাগে বিষয় টো গুৰুত্ব নিদিয়া ত হাতে কামে লাগি শ্ৰমদান কৰে পথটো ত । ধেমাজি সদৰৰ পৰা মাছখোৱা -- ঢকুৱাখনা হৈ মাজুলী লৈ যোৱা পথটো ৰ প্ৰায় ১০ কিলোমিটাৰ বখলা বখলে এৰাই উন্মুক্ত হৈ দ , দ, গাঁতৰ সৃষ্টি হৈছে । ফলত যাতায়ত ৰ বাবে নৰক যন্ত্ৰণা ভুগিব লগীয়া হৈছে বিভিন্ন বাহনৰ চালকসকলৰ লগতে যাত্ৰী য়ে । সেয়ে বাটঘৰীয়া অঞ্চলত ৰ অটোচালক সন্থা ই নিজা গাথিৰ ধন ভাঙি শ্ৰমদান কৰে পথটোত byte.1&2 মন কৰিবলগীয়া যে এহপ্তাহৰ পূবে এই পথেৰে গড়কাপ্তানি মন্ত্ৰী গৰাকী য়ে অহা যোৱা কৰাৰ পিছতো পথটো চকুত নপৰা টো হাস্য কৰ বুলি সমালোচনা কৰে মন্ত্ৰী গৰাকীক । হয় , ভাড়া মাৰি পৰিয়াল পোহপাল দিয়া এই সকল অটোৱালাই এদিন বাবে ভাড়া নমৰাকৈ হিমন্ত ৰ বিধবস্ত গড়কাপ্তানি পথত শ্ৰমদান কৰি দাঙি ধৰিলে কমসংস্কৃতিৰ নিদৰ্শন । সেয়ে অটোৱালা বাস্তৱ তো গ্ৰেট হিৰো । ধেমাজিৰ পৰা প্ৰদুণ্য ভৰালী , ইটিভি ভাৰত অসম ।10/2/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.