ETV Bharat / state

বিভিন্ন দাবীক লৈ ৰাজ্যজুৰি প্ৰতিবাদ ৰাইজৰ, কাৰ কি দাবী ?

author img

By

Published : Dec 1, 2019, 3:37 AM IST

চৰকাৰৰ সুমতি বিচাৰি হোম যজ্ঞৰে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ যুৱ ছাত্ৰ পৰিষদে ৷ ইফালে ধেমাজিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু তাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শনিবাৰে জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সদৌ তাই আহোম ছাত্ৰৰ ধেমাজি জিলা সমিতিৰ ৷ আনহাতে  নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰাৰ পিছতে ওদালগুৰিত বিপিএফে খিলঞ্জীয়া মানুহক অপমান আৰু বিশ্বাসঘাটকতা কৰাৰ অভিযোগ তুলি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ আছুৰ ৷ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৰিয়নিত আছুৰ চাইকেল শোভাযাত্ৰাৰ বিপৰীতে ডবকাত আছুৰ মটৰ চাইকেল যাত্রা ৷

assam 24 nov all protest coverage
বিভিন্ন দাবীক লৈ ৰাজ্যজুৰি প্ৰতিবাদ ৰাইজৰ, কাৰ কি দাবী ?

লখিমপুৰ,1 ডিচেম্বৰ: লখিমপুৰ ব্যতিক্ৰমী প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ চৰকাৰৰ সুমতি বিচাৰি হোম যজ্ঞৰে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ যুৱ ছাত্ৰ পৰিষদে । নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্পৰ কাম বন্ধ কৰাৰ বাৰে চৰকাৰক ভগৱানে সুমতি দিয়াৰে আশাৰে হোম যজ্ঞ সংগঠনটোৰ । প্ৰতিবাদে গা লৰাব নোৱাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে এই দৰে প্ৰতিবাদ সাব্যস্ত কৰি সংগঠনটোৱে হুংকাৰ দিয়ে যে, উত্তৰ পাৰৰ ৰাইজক বিপদত পেলাই নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্পৰ কাৰ্যকৰী কৰিবলৈ লোৱা চৰকাৰখন অতি সোনকালে প্ৰকল্পৰ কাম বন্ধ কৰক, নহ'লে অতি ভয়াবহ হ'ব আন্দোলন ।

lakhimpur ajycp protest
লখিমপুৰত হোম যজ্ঞৰে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
চৰকাৰৰ সুমতি বিচাৰি হোম যজ্ঞৰে প্ৰতিবাদ লখিমপুৰ যুৱ ছাত্ৰ পৰিষদৰ

লগতে পঢ়ক:ধিঙত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

ধেমাজি : ধেমাজিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু তাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শনিবাৰে জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰে সদৌ তাই আহোম ছাত্ৰৰ ধেমাজি জিলা সমিতিয়ে ৷ সমিতিৰ সহস্ৰাধিক প্ৰতিবাদীয়ে চৰকাৰ বিৰোধী উদাত্ত শ্ল'গানেৰে উত্তাল কৰি তোলে নিশাৰ ধেমাজিৰ ৰাজপথ ৷ ধেমাজি কাছাৰী ময়দানৰ পৰা বাহিৰ কৰা বিশাল জোঁৰ সমদল নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰি ধেমাজি চাৰিআলিত সামৰণি পৰে ৷

Dhemaji assu protest
ধেমাজিত আটাছুৰ জোঁৰ সমদল
প্ৰতিবাদত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে স্পষ্ট মত প্ৰকাশ কৰি কয় যে কেতিয়াও জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক মানি ল'ব নোৱাৰে ৷ দিল্লীত আলোচনাৰ পিছত কেইবাটাও সংগঠনে মন্তব্য কৰিছে অসমত অসমৰ ৰাইজে এই বিধেয়ক মানি নলয় আৰু আটাছুৱে কেতিয়াও মানি নলয় ৷ আনহাতে জন্ম লগ্নৰে পৰা তাই আহোম জনগোষ্ঠীটোৰ জনজাতি কৰণৰ দাবীক লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে হেতালি খেলি আহিছে ৷ সেয়ে যেতিয়ালৈকে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ দাবী মানি নল'ব তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে নেতাজনে ৷ লগতে 'কেব' বাতিল আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণ দাবীক লৈ ধেমাজিৰ পৰাই এলানি আন্দোলনৰ কাৰ্যসূচীৰ ৰূপায়ণ কৰিব আৰু দহ সহস্ৰাধিক প্ৰতিবাদীয়ে দিছপুৰৰ লগতে দিল্লী কপাঁবলৈ সাজু হৈছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷
ধেমাজিত কেব' বাতিল আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণ দাবীক লৈ আটাছুৰ জোঁৰ সমদল

আৰু পঢ়ক:কেব সন্দৰ্ভত অনমনীয় স্থিতিত অটল কংগ্ৰেছ

ওদালগুৰি: নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ - পূৰ্বাঞ্চলৰ বিভিন্ন দল সংগঠনক সাক্ষাৎ কৰা সময়তে বিপিএফ দলে বিধেয়কখন সমৰ্থন কৰাকলৈ উত্তাল হৈ পৰিছে বিটিএডি । শণিবাৰৰ সন্ধিয়া ওদালগুৰি চহৰৰ মাজ মজিয়াত ওদালগুৰি জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাই বিপিএফ দলৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সংগঠনটোৱে জাতিধ্বংসী বিধেয়ক সমৰ্থক বিপিএফ দল হুছিয়াৰ , সাংসদ বিশ্বজিৎ দৈমাৰী হায় হায়, হাগ্ৰামা মহিলাৰী হায় হায়, কেব বাতিল কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে ওদালগুৰিৰ আকাশ বতাহ। প্ৰতিবাদত উপস্থিত থাকি জিলা আছুৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীয়ে বিপিএফ দলটোৱে খিলঞ্জীয়া লোকক বিশ্বাস ঘাটক আৰু অপমান কৰা বুলি মন্তব্য কৰাৰ লগতে খিলঞ্জীয়া ৰাইজৰ বিপক্ষে কাম নকৰিবলৈ সকীয়াই দিয়ে । নেতা জনে লগতে কয় যে বিপিএফ দলে অসমৰ কথা চিন্তা নকৰি কেৱল বিটিচি আৰু শাসনৰ গাদীৰ কাৰণে চিন্তা কৰে , বিপিএফে অসমৰ ভাল চিন্তা বা অসমৰ ভাষা সংস্কৃতিৰ কথা চিন্তা নকৰি অসমখন ধ্বংসৰ মুখলৈ ঠেলি দিবলৈ ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ চলাই আছে । অনাগত দিনত বিপিএফ দলক বিটিচিৰ পৰা পুলিয়ে পোখাই উচ্ছেদ কৰিব বুলিও হুংকাৰ দিয়ে আছু নেতা জনে ।

udalguri assu protest
ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ প্ৰতিকৃতি দাহ ওদালগুৰি ছাত্ৰ সন্থাৰ
ওদালগুৰিত বিপিএফৰ বিৰুদ্ধে বিশ্বজিৎ দৈমাৰীৰ প্ৰতিকৃতি দাহ কৰি আছুৰ প্ৰতিবাদ

লগতে চাওঁক:NRC ৰাজ্যিক ভাৰপ্ৰাপ্ত সমন্বয়কৰ দায়িত্বত বাবুলাল শৰ্মা

মৰিয়নি: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৰিয়নিত আছুৰ চাইকেল শোভাযাত্ৰা। আছু সহ ৩০টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে যি চাইকেল শোভাযাত্ৰাৰ আহ্বান জনাইছিল তাৰেই অংশ হিচাপে মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে শণিবাৰে মৰিয়নিটো এক চাইকেল শোভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে । মৰিয়নিৰ সমীপৱৰ্ত্তী বিজয়পুৰ গাঁৱত আৰম্ভ কৰা এই প্ৰতিবাদী চাইকেল শোভাযাত্ৰা নামৰূপীয়া বাহনি হৈ মৰিয়নি নগৰত অন্ত পৰে।

mariyani assu cycle-rally
মৰিয়নিত আছুৰ চাইকেল শোভাযাত্ৰা
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৰিয়নিত আছুসহ ৩০টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ চাইকেল শোভাযাত্ৰা

হোজাই: ডবকাত সদৌ অসম ছাত্র সন্থাৰ মটৰ চাইকেল যাত্রা। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত শণিবাৰে ডবকা চহৰৰ মাজমজিয়াত মটৰ চাইকেল যাত্রাৰে এক প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই। প্ৰতিবাদী শোভাযাত্ৰাত অসম চৰকাৰ হায়, হায়, কেব মানি লোৱা নহ'ব আদি শ্ল'গানেৰে সমগ্ৰ ডবকাৰ ৰাজপথ উত্তাল কৰে সংগঠনটোৱে ।

Dabaka assu bike-rally
ডবকাত সদৌ অসম ছাত্র সন্থাৰ মটৰ চাইকেল যাত্রা
ডবকাত কেব বাতিলৰ দাবীত সদৌ অসম ছাত্র সন্থাৰ মটৰ চাইকেল যাত্রা

লগতে আৰু জানিবৰ বাবে চাওঁক:কেব সন্দৰ্ভত উত্তৰ পূবৰ প্ৰতিনিধিৰ সৈতে অমিত শ্বাহৰ বৈঠক

Intro:চৰকাৰ বিৰুধী ৰাজপথৰ প্ৰতিবাদ বহু দেখিলে। এইবাৰ লখিমপুৰত অভিনৱ প্ৰতিবাদ।Body: চৰকাৰৰ সুমতি বিচাৰি হোম যজ্ঞৰে অভিনৱ প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ। নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্পৰ কাম বন্ধ কৰাৰ বাৰে চৰকাৰক সুমতি দিয়ক ভগবানে । তাৰ আশাৰে হোম যজ্ঞ সংগঠণটোৰ।Conclusion:ধৰা প্ৰতিবাদে গা লৰাব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ হুংকাৰ উত্তৰ পাৰৰ ৰাইজক বিপদত পেলাই নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্পৰ কাৰ্য্যকৰী কৰিবলৈ লোৱা চৰকাৰৰ সাৱধান হ ওক নহলে ভয়াবহ হব আন্দোলন।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.