ধেমাজি, 8 ডিচেম্বৰঃ উল্লেখ্য যে, সংশোধিত কৃষি আইন, 2020ক কেন্দ্ৰ কৰি প্ৰায় 11 দিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখে যদিও কৃষক সকলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বৈঠকত মিলিত হৈও কোনোধৰণৰ সঁহাৰি নোপোৱাত ক্ষোভিত হৈ ভাৰত বন্ধৰ আহ্বান জনায় ৷ যাৰ ফলত কৃষক সকলৰ ভাৰত বন্ধৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজৰ লগতে 22 টাকৈ বিৰুধী ৰাজনৈতিক দলেও পূৰ্ণ সঁহাৰি জনাইছিল ৷
কৃষক সকলে ঘোষণা কৰা ভাৰত বন্ধ ইতিমধ্যে সমগ্ৰ দেশৰ লগত ৰাজ্যতো ব্যাপকভাৱে প্ৰভাৱ পৰা দেখা যায় ৷ সমান্তৰালকৈ ধেমাজিতো পুৱাৰে পৰা সবাত্মক ৰূপত প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷ বন্ধ সময় ছোৱাত বিৰোধী দল কংগ্ৰেছৰ লগতে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদিয়ে বিজেপি চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি পূৰ্ণ সমৰ্থন আগবঢ়ায় ৷
লগতে পঢ়ক-কৰিমগঞ্জত চিপিআইএমৰ উত্তাল প্ৰতিবাদ