ETV Bharat / state

অসম-অৰুণাচল সীমান্তত আলি আয়ে লৃগাংৰ প্ৰস্তুতি - mising commiunity assam

গুমৰাগ নৃত্যৰ ছন্দত মুখৰিত পাহাৰ ভৈয়াম। ঘৰে ঘৰে থলুৱা পানীয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্য তৈয়াৰ কৰাত ব্যস্ত মিছিং জনগোষ্ঠঈৰ লোকসকল ৷

অসম-অৰুণাচল সীমান্তত আলি আয়ে লৃগাংৰ প্ৰস্তুতি

author img

By

Published : Feb 17, 2020, 9:47 AM IST

ধেমাজি , ১৭ ফেব্ৰুৱাৰী : উতনুৱা ফাগুনে আনিছে উৎসৱৰ বতৰা । ফাগুন মানেই ঐনিতম,গুমৰাগৰ সময় । প্ৰাণচঞ্চল হৈ আনন্দত নিমজ্জিত হৈ পৰে মিছিং ডেকা গাভৰু । ফাগুন মাহৰ প্ৰথম,সপ্তাহৰ পহিলা বুধবাৰটোতে মিছিং জনগোষ্ঠীৰ লোকসকলে পালন কৰিব কৃষিভিত্তিতিক উৎসৱ আলি আই লৃগাং । মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত জনগোষ্ঠীটোৰ লোকসকলে পাহাৰে ভৈয়ামে চলাইছে ব্যাপক প্ৰস্তুতি ।

গুমৰাগ নৃত্যৰ ছন্দত মুখৰিত পাহাৰ ভৈয়াম

অনুৰূপভাৱে ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্ত লাইপুলীয়াবাসীয়ে ব্যাপক প্ৰস্তুতি চলাইছে । অঞ্চলটোৰ বিশাল খেলপথাৰত মিছিং ডেকা গাভৰুৱে ঐনিতম আৰু গুমৰাগ নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰিছে । সেইদৰেই প্ৰতিঘৰতে জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় পৰ আপং,বিধে বিধে থলুৱা খাদ্য প্ৰস্তুত কৰিবৰ বাবে বিভিন্ন ছাইৰ টোপোলা,পাত,ঔষধি গছ বন চাউল আদি সাজু কৰিছে ৷ মুঠৰ ওপৰত আলি আয়ে লৃগাঙক লৈ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে জীয়াধল নদীৰ পৰা গাইনদীলৈকে বিস্তৃত হৈ থকা পাহাৰ ভৈয়ামৰ মিচিং অধ্যুষিত অঞ্চলত ।

লগতে চাওকঃ গহপুৰত স্বাস্থ্যবিভাগৰ ফোঁপোলা স্বৰূপঃআজিকোপতি সম্পূৰ্ণ নহ’ল উপ স্বাস্থ্যকেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.