ETV Bharat / state

ধেমাজিত ৰাসায়নিক সাৰৰ দোকানত কৃষি বিভাগৰ অভিযান

author img

By

Published : Jul 29, 2021, 10:34 PM IST

কৃষি বিভাগৰ ৰাসায়নিক সাৰৰ দামত সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধে সষ্টম হৈছে ধেমাজি কৃষি বিভাগ ৷ বুধবাৰে জিলাখনৰ মুঠ 18 খন সাৰৰ দোকানত বিভাগে চলালে অভিযান ৷

agriculture-department-raids-in-chemical-fertilizer-shop-at-dhemaji
ধেমাজিত ৰাসায়নিক সাৰৰ দোকানত কৃষি বিভাগৰ অভিযান

ধেমাজি, 29 জুলাই : ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই খোদ কৃষি বিভাগত ৰাসায়নিক সাৰত অনিয়ম হোৱা বুলি স্বীকাৰ কৰা লগতে এই অনিয়ম ৰোধ কৰাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰাৰ পিছতে ধেমাজি কৃষি বিভাগ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ বুধবাৰে বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে ধেমাজি নগৰৰ কেইবাখনো ৰাসায়নিক সাৰ বিক্ৰী ব্যৱসায় প্ৰতিষ্ঠানত অভিযান চলায় ৷ অভিযানকালত চৰকাৰী বিধি মতে দোকানীয়ে সাৰ বিক্ৰী কৰিছেনে নাই সেয়া পৰীক্ষা কৰা হয় ৷ লগতে চৰকাৰী নিৰ্দেশনা অনুসৰি এনে দোকানত প্ৰয়োজনীয় সামগ্ৰী আৰু যাৱতীয় নথি থাকিলেহে বিক্ৰীৰ অনুমতি লাভ কৰিব বুলি সাৰ বিক্ৰী প্ৰতিষ্ঠানসমূহক নিৰ্দেশনা প্ৰদান কৰে চৰকাৰী বিষয়াসকলে ৷

বুধবাৰৰ দিনটোত ধেমাজি কৃষি বিভাগে সদৰত 8 খন আৰু জোনাইত 10 খনসহ মুঠ 18 খন এনে সাৰৰ দোকানত অভিযান চলাই সাময়িকভাৱে বাবে দোকান বন্ধ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ লগতে সকলোকে চৰকাৰী নিৰ্দেশনা মানি সাৰ বিক্ৰী কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷ উল্লেখ্য যে, যোৱা 27 জুলাইত ৰাসায়নিক সাৰ (Chemical Fertilizer) বিতৰণৰ নামত অনিয়ম হোৱাৰ কথা নিজমুখে স্বীকাৰ কৰিছিল ৰাজ্যিক কৃষিমন্ত্ৰী অতুল বৰাই (Atul Bora)৷

গুৱাহাটীৰ খানাপাৰাস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত মন্ত্ৰী অতুল বৰাই কয় যে, সাৰ বিতৰণৰ ক্ষেত্ৰত হোৱা অনিয়ম ৰোধৰ বাবে বিভাগে কেতবোৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ কৰিছে ৷ সংবাদমেলত তেওঁ উল্লেখ কৰিছিল যে, ৰাসায়নিক সাৰ চাহিদাৰ তুলনাত কেন্দ্ৰৰ পৰা কমকৈ পোৱা যায় ৷ আনহাতে অধিক দামত সাৰ বিক্ৰী কৰা হয় ।

উক্ত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি সাৰ বিতৰণত পূৰ্বৰে পৰা হৈ থকা অনিয়মৰ ক্ষেত্ৰত বিগত দুমাহ ধৰি বিভাগীয়ভাৱে অনুসন্ধান কৰা হৈছে ৷ অনুসন্ধান কৰি পোৱা তথ্যৰ আধাৰত কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ৰাজ্যত সাৰ বিতৰণ তথা বিক্ৰীৰ ক্ষেত্ৰত 344 টা পাইকাৰী আৰু 1,615 টা খুচুৰা ডিলাৰ্চ আছে ৷ অনুসন্ধান কৰি পোৱা অনিয়মৰ ভিত্তিত 30 জন পাইকাৰী ব্যৱসায়ক শ্ব’কজ দিয়াৰ বিপৰীতে 3 জনৰ অনুজ্ঞাপত্ৰ বাতিল, এখন ছীল কৰাৰ লগতে এজনক সকীয়নি দিয়া হৈছে ৷

লগতে পঢ়কঃ বন্যহস্তীৰ ৰম্যভূমিত পৰিণত চামগুৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.