ETV Bharat / state

জোনাইত দুৰ্বৃত্তৰআক্ৰমণত আহত বনকৰ্মী - Sivasagar

জোনাইত দুৰ্বৃত্তৰ আক্ৰমণত আহত বনকৰ্মী প্ৰদীপ দাস ৷ মাফিয়া কায়দাৰে মুকলাই নিলে বন বিভাগে জব্দ কৰা বল্ডাৰভৰ্তি দুখন ডাম্পাৰ

জোনাইত দুৰ্বৃত্তৰআক্ৰমণত আহত বনকৰ্মী
author img

By

Published : Aug 9, 2019, 11:58 PM IST

জোনাই, ৯ আগষ্টঃ অসম অৰুণাচল সীমান্তবৰ্তী ধেমাজি জিলাৰ জোনাই বনাঞ্চলিক কাৰ্যলয়ৰ পৰা যোৱা 7 আগষ্ট নিশা দুৰ্বৃত্তই আক্ৰমণ কৰি বনকৰ্মী এগৰাকীক গুৰুতৰভাৱে জখম কৰাৰ লগতে বন বিভাগে জব্দ কৰা দুখন বল্ডাৰভৰ্তি ডাম্পাৰ বলপূৰ্বকভাৱে মোকলাই নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে | ঘটনাৰ বিৱৰণী মতে যোৱা 7 আগষ্ট তাৰিখে চোৰাংকৈ অনা বল্ডাৰভৰ্তি দুখন ডাম্পাৰ জোনাই বিজেপি যুৱ মৰ্চাৰ কেইজনমান যুৱকে জোনাই বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়াত অসম-অৰুণাচল প্ৰদেশৰ নিয়মীয়া তালাচীত থকা বনকৰ্মীয়ে কোনো নথিপত্ৰ নথকা এ এছ -০৭/এচি - ৮৮০৭ আৰু এ এছ-০৭/ এচি - ৮৭৬৭ নম্বৰ দুখন বল্ডাৰভৰ্তি ডাম্পাৰ জব্দ কৰি জোনাই বনাঞ্চলিক কাৰ্য্যালয়লৈ আনিছিল | সন্ধিয়ালৈ প্ৰায় 7 বাজি 30 বজাত এখন গাড়ীত অহা দুৰ্বৃত্তৰ দলে জোনাই বনাঞ্চলিক কাৰ্য্যালয়ৰ চৌহদতে বনকৰ্মী প্ৰদীপ দাসক আপুনি বন বিভাগৰ লোক নেকি, আমাৰ গাড়ী কিয় ধৰিছে বুলি প্ৰশ্ন কৰি তৎমুহূৰ্ততে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি বনকৰ্মী প্ৰদীপ দাসক গুৰুতৰভাৱে আহত কৰে| দুৰ্বৃত্তৰ আক্ৰমণত তেজেৰে তুমৰলি হৈ পৰে বনকৰ্মী প্ৰদীপ দাস | ইয়াৰ পিছতে প্ৰায় মাজৰাতি 12 মান বজাত চল্লিশ পঞ্চাশ জনীয়া দুৰ্বৃত্তৰ দলে পুনৰ জোনাই বনাঞ্চলিক কাৰ্য্যলয়লৈ আহি বলপূৰ্বকভাৱে বন বিভাগে জব্দ কৰা বল্ডাৰভৰ্তি ডাম্পাৰ দুখন লৈ উধাও হয় | বনকৰ্মীক আক্ৰমণ কৰাৰ পিছত জোনাই বনাঞ্চলিক কাৰ্যালয়ে বনকৰ্মীক আক্ৰমণ কৰাৰ লগতে আৰু দুৰ্বৃত্তই মাফিয়া কায়দাৰে চোৰাং বল্ডাৰভৰ্তি ডাম্পাৰ লৈ যোৱা ঘটনাৰ সন্দৰ্ভত জোনাই থানাত পৃথক পৃথকৈ নিত্যা পেগু ,শিৱসাগৰৰ অভিজিৎ শইকীয়া আৰু গোগামুখৰ অমৃত পেগুৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰাত জোনাই আৰক্ষীয়ে 75/19 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 143/353/447/506 ধাৰাত দুটাকৈ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে | উল্লেখ্য যে সীমান্তৱৰ্তী জোনাইত শিল-বালিৰ ৰমৰমীয়া চোৰাং বেহা দিনে দিনে বৃদ্ধি পাইছে | এনে সময়তে কাৰ্য্যালয় চৌহদতে শিল বালিৰ চোৰাং কাৰবাৰত জড়িত দুৰ্বৃত্তই চৰকাৰী কৰ্মচাৰীক আক্ৰমণ কৰা ঘটনা আৰু দুৰ্বৃত্তই ডাম্পাৰ বলপূৰ্বকভাৱে মোকলাই নিয়া ঘটনাই সীমান্তৱৰ্তী জোনাইত কেনেকৈ মাফিয়া পদ্ধতিৰে শিলবালি চোৰাং বেহা চলি আছে সেই কথাই স্পষ্ট কৰি তুলিছে |

Intro:Body:জোনাইত দূৰ্বৃত্তৰআক্ৰমণত আহত বনকৰ্মী প্ৰদীপ দাস/ মাফিয়া কায়দাৰে মুকলাই নিলে বন বিভাগে জব্দ কৰা বল্ডাৰভৰ্তি দুখন ডাম্পাৰ

জোনাই, ৯ আগষ্ট

অসম অৰুণাচল সীমান্তবৰ্তী ধেমাজি জিলাৰ জোনাই বনাঞ্চলিক কাৰ্য্যলয়ৰ পৰা যোৱা ৭ আগষ্ট নিশা দূৰ্বৃত্তই আক্ৰমণ কৰি বনকৰ্মী এগৰাকীক গুৰুতৰভাৱে জখম কৰাৰ লগতে বন বিভাগে জব্দ কৰা দুখন বল্ডাৰভৰ্তি ডাম্পাৰ দূৰ্বৃত্তই বলপূৰ্বকভাৱে মোকলাই নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে | ঘটনাৰ বিৱৰণী মতে যোৱা ৭ আগষ্ট তাৰিখে চোৰাংকৈ অনা বল্ডাৰভৰ্তি দুখন ডাম্পাৰ জোনাই বিজেপি যুৱ মৰ্চাৰ কেইজনমান যুৱকে  জোনাই বনাঞ্চলিক কাৰ্য্যলয়ত খবৰ দিয়াত অসম অৰুণাচল প্ৰদেশৰ নিয়মীয়া তালাচীত থকা বনকৰ্মীয়ে  কোনো নথিপত্ৰ নথকা এ এছ -০৭/এচি - ৮৮০৭ আৰু এ এছ-০৭/ এচি - ৮৭৬৭ নম্বৰ দুখন বল্ডাৰভৰ্তি ডাম্পাৰ জব্দ কৰি জোনাই বনাঞ্চলিক কাৰ্য্যালয়লৈ আনিছিল | সন্ধিয়ালৈ প্ৰায় ৭. ৩০ বজাত এখন গাড়ীত অহা দূৰ্বৃত্তৰ দলে জোনাই বনাঞ্চলিক কাৰ্য্যালয়ৰ চৌহদতে বনকৰ্মী প্ৰদীপ দাসক আপুনি বন বিভাগৰ লোক নেকি, আমাৰ গাড়ী কিয় ধৰিছে বুলি প্ৰশ্ন কৰি তৎমুহূৰ্ততে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি বনকৰ্মী প্ৰদীপ দাসক গুৰুতৰভাৱে জখম কৰে| দূৰ্বৃত্তৰ আক্ৰমণত তেজেৰে তুমৰলি হৈ পৰে বনকৰ্মী প্ৰদীপ দাস | ইয়াৰ পিছতে প্ৰায় মাজৰাতি ১২ বজাত চল্লিশ পঞ্চাশ জনীয়া দূৰ্বৃত্তৰ দলে পুনৰ জোনাই বনাঞ্চলিক কাৰ্য্যলয়লৈ আহি বলপূৰ্বকভাৱে  বন বিভাগে জব্দ কৰা বল্ডাৰভৰ্তি ডাম্পাৰ দুখন লৈ উৰ্ধাও হয় | বনকৰ্মীক আক্ৰমণ কৰাৰ পিছত  জোনাই বনাঞ্চলিক কাৰ্য্যলয়ে  বনকৰ্মীক আক্ৰমণ কৰাৰ লগতে আৰু দূৰ্বৃত্তই মাফিয়া কায়দাৰে চোৰাং বল্ডাৰভৰ্তি ডাম্পাৰ লৈ যোৱা ঘটনাৰ সন্দৰ্ভত জোনাই থানাত বন বিভাগে পৃথক পৃথকৈ গালি বৰ বালিৰ নিত্যা পেগু ,শিৱসাগৰৰ অভিজিৎ শইকীয়া আৰু গোগামুখৰ অমৃত পেগুৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰাত জোনাই আৰক্ষীয়ে  75/19 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ  143/353/447/506 ধাৰাত  দুটাকৈ গোচৰ পঞ্জীয়ণ কৰি তদন্ত ব্যাহত ৰাখিছে | উল্লেখ্য যে সীমান্তৱৰ্তী জোনাইত শিল বালিৰ ৰমৰমীয়া চোৰাং বেহা দিনে দিনে বৃদ্ধি পাইছে | এনে সময়তে কাৰ্য্যালয় চৌহদতে শিল বালিৰ চোৰাং কাৰবাৰত জড়িত দূৰ্বৃত্তই আক্ৰমণ কৰা ঘটনা আৰু দূৰ্বৃত্তই ডাম্পাৰ বলপূৰ্বকভাৱে মোকলাই নিয়া ঘটনাই সীমান্তৱৰ্তী জোনাইত কেনেকৈ মাফিয়া পদ্ধতিৰে শিলবালি চোৰাং বেহা চলি আছে  তাৰে এক উদাহৰণ | আৰক্ষী প্ৰশাসন তথা বন বিভাগে কেনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু শিল বালি চোৰাং বেহা ৰোধ কৰিব সেইয়া লক্ষণীয় |

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.