ETV Bharat / state

Death anniversary of Takab Ch Medok: বিশিষ্ট শিক্ষাবিদ টাকাব চন্দ্ৰ মেদক ২২ সংখ্যক মৃত্যু তিথি পালন - Death anniversary of Takab Ch Medok

জোনাইত বিশিষ্ট শিক্ষাবিদ টাকাব চন্দ্ৰ মেদক ২২ সংখ্যক মৃত্যু তিথি পালন । উক্ত অনুষ্ঠানত যশস্বী শিল্পী তৰাৱতী মিলি বৰি আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী ধনদা দলেলৈ জ্ঞাপন কৰা হয় বিশেষ সম্বৰ্ধনা(22nd death anniversary of Takab Chandra Medok) ।

Takab Chandra Medok death anniversary observed
বিশিষ্ট শিক্ষাবিদ টাকাব চন্দ্ৰ মেদক ২২ সংখ্যক মৃত্যু তিথি পালন
author img

By

Published : Nov 2, 2022, 6:54 PM IST

জোনাই,২ নৱেম্বৰ: জোনাই-মুৰ্কংচেলেক অঞ্চলৰ শিক্ষাৰ বাটকটীয়া, বিশিষ্ট শিক্ষাবিদ, গৌৰৱোজ্জ্বল সোণালী জয়ন্তী গৰকা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ টাকাব চন্দ্ৰ মেদকৰ ২২ সংখ্যক মৃত্যু তিথি উপলক্ষে বুধবাৰে অনুষ্ঠিত কৰা হয় এখন স্মৃতিচাৰণ সভা(Takab Chandra Medok death anniversary observed) । টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ উদ্যোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চৌহদত স্মৃতিচাৰণ সভাখনি অনুষ্ঠিত কৰা হয়(22nd death anniversary of Takab Chandra Medok) ।

বিশিষ্ট শিক্ষাবিদ টাকাব চন্দ্ৰ মেদক ২২ সংখ্যক মৃত্যু তিথি পালন

এই উপলক্ষে পুৱাৰ ভাগতে টাকাব চন্দ্ৰ মেদকৰ প্ৰতিমূৰ্তিত অৱসৰপ্ৰাপ্ত শিক্ষক মাধৱ পাৱৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰ পিছতে মুকলি সভা উদ্বোধন কৰে জোনাইৰ মহকুমাধিপতি প্ৰদ্বীপ কুমাৰ দ্বিবেদীয়ে ৷ উদ্বোধনী ভাষণত মহকুমধিপতি গৰাকীয়ে কয় যে টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসে বিশিষ্ট শিক্ষাবিদ টাকাব চন্দ্ৰ মেদকৰ আদৰ্শক জীয়াই ৰাখি নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পদক্ষেপ ল'ব লাগে ।

সোঁৱৰনী সংগীতেৰে সভাৰ আৰম্ভণি কৰা সভাৰ সভাপতিত্ব কৰে মূৰ্কংচেলেক মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ হৰকান্ত পেগুৱে ৷ টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ সাধাৰণ সম্পাদক ৰয়েল পেগুৱে উদ্দেশ্য ব্যাখ্যা কৰা তথা পৃষ্ঠপোষক হৰি প্ৰসাদ মিলিয়ে আদৰণি ভাষণ দিয়া সভাত নিদিষ্ট বক্তা হিচাপে জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগুৱে প্রযুক্তিবিদ্যাৰ উত্তৰণে সুফল যেনেকৈ আনিছে, তেনেকৈ কুফলৰ পৰিমাণো নগণ্য নহয় বুলি উল্লেখ কৰে ।

সকলো কামৰে ভাল-বেয়া দুয়োটা দিশেই থাকে । দুয়োটা দিশেই জনা-বুজাও জৰুৰী আৰু চালি-জাৰিহে গ্ৰহণ কৰাটো উচিত বুলি মন্তব্য প্ৰকাশ কৰে মিলিয়ে । কিন্তু এয়া হয়তো মানৱ মনৰেই ব্যাধি যে আমি ভালটোতকৈ বেয়াটোক বেছি গুৰুত্ব দিওঁ বা বেছি সোনকালে গ্ৰহণ কৰে ৷ গতিকে কেৱল এখন ভাল বিদ্যালয়ত নাম লগাই, শিক্ষক বা টিউচনৰ ওপৰত সকলো এৰি চকু মুদি থকাটো একান্তই ভুল বুলি মিলিয়ে তেঁওৰ ভাষণ প্ৰসংগত উল্লেখ কৰে ।

গতিকে পিতৃ-মাতৃ যিমানেই ব্যস্ত নহওক কিয়, সন্তানৰ লগত খোলাকৈ সকলো কথা আলোচনা কৰা, পাৰ হৈ যোৱা দিনটোৰ খতিয়ান লোৱাৰ লগতে পিছৰ দিনৰ কাৰ্যসূচীৰ কথা জানিবলৈ বুজিবলৈ চেষ্টা কৰা । বয়ঃসন্ধিৰ সময়ত আহিব লগা দৈহিক-মানসিক পৰিৱৰ্তনবোৰ বুজাই দিয়া উচিত বুলিও তেঁও পৰামৰ্শ প্ৰদান কৰে । কিয়নো বাহিৰত অথবা টিভি, ইউ টিউব আদিত দেখি-শুনি-শিকি ভুল ধাৰণা লোৱাতকৈ ঘৰতে অৱগত কৰি ল’লে ভুল পথ লোৱাৰ ভয় বহু পৰিমাণে কমি যায় ।

সৰু হ’লেও তেওঁলোকৰো যে মতামতৰ গুৰুত্ব আছে, তেওঁলোকে যে পৰিয়াল তথা সমাজৰ গুৰুত্বপূর্ণ ব্যক্তি, অনুভৱ কৰিবলৈ দিয়া উচিত । সন্তানে আমাক দেখি-শুনিয়েই অনুকৰণ কৰে । গতিকে মৰম-স্নেহ, আন্তৰিকতা, সহৃদয়তা, নিয়মানুৱৰ্তিতা আদি গুণবোৰ আমি যদি নিজৰ আভুষণ কৰি লওঁ, নিতান্তই সন্তানেও সেইখিনি আহৰণ কৰিব, যিয়ে সুস্থ-সৱল সমাজ এখন গঢ় দিয়াৰ লগতে সুস্থ মানসিকতাৰ সুনাগৰিক হিচাপে গঢ় দিয়াত সহায়ক হ'ব বুলি মন্তব্য আগবঢ়াই ৷

অঞ্জনা টায়ুং শইকীয়াই আঁত ধৰা সভাত যশস্বী শিল্পী তৰাৱতী মিলি বৰি আৰু অৱসৰপ্ৰাপ্ত শিক্ষক ধনদা দলেক বিশেষ সম্বৰ্ধনা জনোৱা হয় । তদুপৰি ৪গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় উক্ত সভাত ৷ স্মৃতিচাৰণ সভাত বিশিষ্ট অতিথি হিচাপে ক্ৰমে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পৰমানন্দ দাৰিক, ন্যাসৰ পৃষ্ঠপোষক শান্তনু মেদক মূৰ্কংচেলেক মহাবিদ্যালয় অধ্যক্ষ দীপক কুমাৰ দলে, বিশিষ্ট অতিথি প্ৰদ্বিপ দলেকে আদি কৰি কেইবাগৰাকীও গন্যমান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: DC and SP Conference : অন্ত পৰিল DC-SP সন্মিলনৰ প্ৰথম পৰ্যায়ৰ সন্মিলন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.