দৰং,19 চেপ্তেম্বৰঃ দৰং জিলাত ক’ৰণা মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ সম্প্ৰতি দৰঙত ক'ভিড আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩,৫০৮ গৰাকীলৈ বৃদ্ধি পাইছে । আনহাতে শনিবাৰ পৰ্যন্ত জিলাখনৰ পৰা ৩,০৪৮ গৰাকীকৈ ৰোগী সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে । কিন্তু ইমানৰ পিছতো একাংশ জনসাধাৰণে মাস্ক পৰিধান নকৰাকৈ ভিৰ কৰিছে বজাৰত। ধূলা আৰক্ষী থানাৰ গাতে লাগি থকা টাংনী সাপ্তাহিক বজাৰৰ এনে দৃশ্যই ভাবুকিৰ সৃষ্টি কৰিছে সচেতন মহলত। জনসাধাৰণৰ মুখত নাই মাস্ক, নাই সামাজিক দূৰত্ব।
আনহাতে জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে সমগ্ৰ জিলাতে শুকুৰবাৰৰ পৰা জাৰি কৰিছে ১৪৪ ধাৰা । ইপিনে ১৪৪ ধাৰা জাৰি থকাৰ সময়তে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো শোভাযাত্ৰা, ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰা, কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক ব্যক্তি উপস্থিত থকাটো নিষেধ কৰিছে আৰক্ষী প্ৰশাসনে । কিন্তু জিলা প্ৰশাসনৰ নিয়ম-নীতিক বুঢ়া আঙুলি দেখুৱাই বজাৰ পৰিচালনা সমিতিয়ে অনুষ্ঠিত কৰিছে সাপ্তাহিক বজাৰ। এই ক্ষেত্ৰত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ উপ সভাপতি মহিদুল ইছলামে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, জিলাখনত দিনক দিনে ক’ৰণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়াবহ ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰে সংগঠনটোৰ নেতাজনে।
লগতে পঢ়কঃ নুমলীগড়ত বন্যহস্তীৰ মুক্ত বিচৰণ