দৰং,30জুনঃ কৰ'ণা সম্পৰ্কত ডা৹ সত্যকাম ফুকন নামৰ চিকিৎসক জনে কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম চিকিৎসা সেৱা সংস্থা ৷ অসম চিকিৎসা সেৱা সংস্থাই সকীয়নি প্ৰদান কৰিছে চিকিৎসক গৰাকীক ৷ অসম চিকিৎসা সেৱা সংস্থাৰ মতে, COVID-19 সম্পৰ্কত সংবাদ মাধ্যমৰ আগত চিকিৎসক সত্যকাম ফুকনে কৰিছিল কেইবাটিও বিতৰ্কিত মন্তব্য ৷
মঙলবাৰে এই সন্দৰ্ভত মঙলদৈত অসম চিকিৎসা সেৱা সংস্থাই এখন সংবাদ মেল সম্বোধন কৰে । চিকিৎসক সত্যকাম ফুকনৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি এই সংবাদ মেল সম্বোধন কৰে চিকিৎসা সেৱা সংস্থাই । চিকিৎসক সত্যকাম ফুকনক ৰাইজক বিভ্ৰান্ত নকৰিবলৈ সকীয়নি প্ৰদান কৰে সংস্থাটোৱে । ৰাজ্যত প্ৰায় ২৭ শৰো অধিক চিকিৎসকে নিজৰ জীৱনকো তুচ্ছ কৰি কৰ'ণাৰ বিৰুদ্ধে ৰাইজৰ মাজত সেৱা আগবঢ়াই থকাৰ সময়তে এনে মন্তব্য দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে চিকিৎসা সেৱা সংস্থাই ।
WHO ৰ দৰে সংস্থাই কৰ'ণাক মহামাৰী ৰূপে স্বীকৃতি দিয়াৰ পিছত সত্যকাম ফুকনে কৰা এনে মন্তব্যই চিকিৎসক সকলক দুৰ্বল কৰিব বুলিও মন্তব্য কৰে । লগতে তেখেতৰ এই মন্তব্য অবৈজ্ঞানিক বুলিও মন্তব্য কৰে অসম চিকিৎসা সেৱা সংস্থাই ৷
লগতে চাওকঃটিকটকক ফেৰ মাৰিবলৈ সাজু ভাৰতীয় এপ চিংগাৰী