ETV Bharat / state

ছিপাঝাৰৰ ধলপুৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত ১৪৪ ধাৰা জাৰি - ১৪৪ ধাৰাৰ নিৰ্দেশ জাৰি

দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনস্থ ধলপুৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চল সমূহত চি.আৰ.পি.চিৰ অধীনত ১৪৪ ধাৰাৰ নিৰ্দেশ জাৰি কৰিছে জিলা দণ্ডাধীশ প্ৰভাতী থাওচেনে ৷ প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব ৷

Section 144 issued in Sipajhar
ছিপাঝাৰৰ ধলপুৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত ১৪৪ ধাৰা জাৰি
author img

By

Published : Sep 24, 2021, 4:35 PM IST

মঙলদৈ, ২৪ ছেপ্টেম্বৰ : দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনস্থ ১ নং, ২ নং আৰু ৩ নং ধলপুৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলা দণ্ডাধীশ প্ৰভাতী থাওচেনে চি.আৰ.পি.চিৰ অধীনত ১৪৪ ধাৰাৰ নিৰ্দেশ জাৰি কৰিছে । এই সময়ছোৱাত প্ৰশাসনৰ অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক একে সময়তে সমবেত হ’ব নোৱাৰিব ৷ ইয়াৰ লগতে কোনো লোকেই সমদল আদিৰ দৰে কাৰ্যসূচীৰ আয়োজন কৰিব নোৱাৰিব ।

ইয়াৰ উপৰিও কোনো ব্যক্তিয়েই ৰাজপথ আদিত জনসাধাৰণ তথা যানবাহনৰ চলাচলত বাধা আৰোপ কৰিব‌ নোৱাৰিব । প্ৰশাসনৰ নিৰ্দেশ অবিহনে কোনো লোককে কোনোধৰণৰ বিক্ষোভ, ৰাজহুৱা সভা আদিৰ আয়োজন কৰিব নোৱাৰিব । লগতে কোনো অসামৰিক লোককে কোনোধৰণৰ অস্ত্ৰ আদি লৈ ৰাজহুৱা স্থানত উপস্থিত থাকিব নোৱাৰিব ৷

উপৰোক্ত নিৰ্দেশনা সমূহৰ সমান্তৰালকৈ কোনো লোকেই কোনোধৰণৰ লাউড স্পীকাৰ আদি ব্যৱহাৰ কৰিব নোৱাৰিব । লগতে কোনো অসামৰিক লোকে উক্ত নিষেধাজ্ঞা সমূহ কাৰ্যকৰী হৈ থকা সময়ছোৱাত সামৰিক/কেম'ফ্লেজ পোছাক পৰিধান কৰিব নোৱাৰিব । ১৪৪ ধাৰাৰ অধীনত জাৰি কৰা নিৰ্দেশ সমূহ অমান্য কৰা লোকসকলৰ ওপৰত প্ৰশাসনৰ তৰফৰ পৰা আইনগত ব্যবস্থা লোৱা হ'ব বুলি জানিবলৈ দিছে দৰং জিলা দণ্ডাধীশে ৷

লগতে পঢ়ক: মঙলদৈত কংগ্ৰেছৰ বিশাল প্ৰতিবাদত বাধা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.