দৰং, 01 জুন: ছিপাঝাৰ উন্নয়ন খণ্ডৰ দেওমৰনৈ গাঁও পঞ্চায়ত এলেকাত দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ মেৰামতিৰ নামত আবন্তিত 2017/18 বৰ্ষৰ আঁচনিৰ 9 লাখ 30 হাজাৰ টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ৷
বাৰিষা আহিলেই খেলপথাৰ খনত একাঠু পানী হয় ৷ অভিযোগ অনুসৰি ঠিকাদাৰে খেলপথাৰখনত কেই গাড়ীমান মাটি পেলাইয়ে সিংহ ভাগ ধন উদৰস্থ কৰে ৷ যাৰ ফলত বিদ্যালয়খনে বাৰ্ষিক খেল ধেমালী অনুষ্ঠিত কৰিব নোৱাৰিলে ৷ সেয়ে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই,দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ মেৰামতিৰ ব্যাপক দুৰ্নীতি সম্পৰ্কত উপযুক্ত তদন্তৰ দাবী জনাইছে ৷ উল্লেখ্য যে এয়া মাথো এটা উদাহৰণ হে ৷ সমষ্টিটোৰ বিভিন্ন স্থানত এনেদৰেই আঁচনি ৰূপায়ণৰ নামত লুণ্ঠন চলাৰ অভিযোগ উত্থাপিত হৈ আছে ৷