ETV Bharat / state

বিদ্যুতৰ নামত দৰঙৰ বহু গাঁৱত দুৰ্নীতি !

দৰঙৰ খাৰুপেটীয়া বিদ্যুত সংমণ্ডলৰ অন্তৰ্গত দলগাঁও সমষ্টিৰ বৰালি,মাগুৰমাৰী আদি চৰাঞ্চলত বৰ্তমানেও সংযোগ হোৱা নাই বিদ্যুৎ, এগছি চাকিৰ পোহৰতে দিন-ৰাতি চলিছে অঞ্চলবাসীয়ে

author img

By

Published : May 18, 2019, 7:07 PM IST

বিদ্যুতৰ নামত দুৰ্নীতি দৰঙৰ বহু গাঁৱত

দৰং,১৮মে' : দৰঙৰ খাৰুপেটীয়া বিদ্যুত সংমণ্ডলৰ অন্তৰ্গত চৰাঞ্চলৰ বহু গাঁৱত বিদ্যুৎ সংযোগৰ নামত দুৰ্নীতি চলাৰ অভিযোগ স্থানীয় ৰাইজৰ। স্বাধীনতাৰ ৭০ বছৰ পিছতো বিদ্যুতৰ পোহৰ নেদেখিলে দলগাঁৱৰ চৰাঞ্চলৰ হাজাৰ-হাজাৰ জনতাই। ঘৰে-ঘৰে বিদ্যুৎ সংযোগ দিয়াৰ নামত দলগাঁও সমষ্টিৰ বৰালি,মাগুৰমাৰী আদি চৰাঞ্চলৰ পৰা দুই-তিনি বছৰ পূৰ্বে দৰিদ্ৰ লোকৰ পৰা ঠিকাদাৰে সংগ্ৰহ কৰিছিল ধন। কিন্তু অঞ্চলটোত তাঁৰবিহীন বিদ্যুতৰ খুটা আৰু সংযোগ বিহীন মিটাৰ দিয়েই দায়িত্ব সামৰিলে ঠিকাদাৰজনে। দুই-তিনি বছৰ পূৰ্বে বিদ্যুতৰ খুটা আৰু মিটাৰ দিয়া হ'ল যদিও অঞ্চলটোত বৰ্তমানেও সংযোগ কৰা নহ'ল বিদ্যুৎ। যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হয় অঞ্চলবাসীয়ে। ইফালে দীৰ্ঘদিন ধৰি চাকিৰ পোহৰত ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিবলগীয়া হোৱাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী। অতি শীঘ্ৰে চৰাঞ্চলৰ প্ৰতিঘৰতে বিদ্যুত সংযোগ কৰিবলৈ দাবী জনায় বৃহত্তৰ অঞ্চলবাসীয়ে।

বিদ্যুতৰ নামত দুৰ্নীতি দৰঙৰ বহু গাঁৱত

অন্য খবৰৰ বাবে : সৰুপথাৰত পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

Intro:## গ্ৰাম্য বৈদ্যুতিকৰণৰ নামত অনিয়ম ।
## স্বাধীনতাৰ ৭০ বছৰ পিছতো বিদ্যুতৰ পোহৰ নেদেখিলে হাজাৰ হাজাৰ জনতাই ।
## সংযোগ দিয়াৰ নামত ধন সংগ্ৰহ ।Body:ৰাজ্য চৰকাৰে প্ৰতিটো গাৱৰ প্ৰতিটো ঘৰ পোহৰাই তোলাৰ লক্ষ্যৰে বিনামূলীয়া বিদ্যুত সংযোগৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে মুলত সেয়া ভেকোঁভাওনাত পৰিনত হৈছে দৰঙৰ খাৰুপেটীয়া বিদ্যুত সংমণ্ডলৰ অন্তগৰ্ত চৰাঞ্চলৰ বহু গাৱত । স্বাধীনতাৰ ৭০ বছৰ পিছতো বিদ্যুতৰ পোহৰ নেদেখিলে দলগাঁৱৰ চৰাঞ্চলৰ হাজাৰ হাজাৰ জনতাই । ঘৰে ঘৰে বিদ্যুত সংযোগ দিয়াৰ বাবে দলগাও সমষ্টিৰ বদলি বৰালি ,মাগুৰমাৰী আদি চৰাঞ্চলত দুই তিনি বছৰ পূৰ্বে দৰিদ্ৰ লোকৰ পৰা ধন সংগ্ৰহ কৰি তাৰ বিহীন বিদ্যুতৰ খুটা আৰু সহজ সৰল লোকৰ হাতত সংযোগ বিহীন মিটাৰ দায়িত্ব সামৰে কামত নিয়োজিত ঠিকাদাৰে । দুই তিনি বছৰ ধৰি অঞ্চলটোত বিদ্যুতৰ খুটা আৰু মিটাৰ দিয়া হল যদিও দিয়া নহল বিদ্যুত সংযোগ ।
Conclusion:আজিৰ যুগতো বিদ্যুত অবিহনে চাকিৰ পোহৰত পঢ়াশুনা কৰা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য কৰি অতি শীঘ্ৰে বিদ্যুত সংযোগ দিয়াৰ বাবে পৰিবৰ্তনকামী চৰকাৰক দাবী জনায় ভুক্তভোগী ৰাইজে ।

* আব্দুল হাকিম *
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.