ETV Bharat / state

ধনশ্ৰী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ৩৯ লাখ টকীয়া কালভার্ট - আৰ চি চি কালভার্ট

দেওবাৰে দলগাঁৱৰ মাজেদি বৈ যোৱা ধনশ্ৰী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে নতুনকৈ নিৰ্মাণ কৰা আৰ চি চি কালভার্ট । জানিব পৰা মতে, দৰঙৰ দলগাঁও-শ্যামপুৰ সংযোগী একমাত্ৰ পথৰ বৰকুৰ গাঁৱত ২০১৯-২০ বৰ্ষৰ মঙ্গলদৈ তথা দলগাঁও ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত SOPD ( FDR) আঁচনিৰ ৩৮.৬১ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা আৰ চি চি কালভার্টৰ কাম সমাপ্ত কৰিছিল ঠিকাদাৰ কবিৰ আলীয়ে ৷ কিন্তু নিৰ্মাণৰ কেইমাহমান পিছতেই সামান্য পানীৰ সোঁতত খহি পৰে প্ৰায় ৩৯ লাখ টকীয়া আৰ চি চি কালভার্ট ।

Road Culvert flooding in dalgaon
ধনশ্ৰী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ৩৯ লাখ টকীয়া চি চি কালভার্ট
author img

By

Published : Jul 12, 2020, 8:46 PM IST

দলগাঁও, 12 জুলাই : দেওবাৰে দলগাঁৱৰ মাজেদি বৈ যোৱা ধনশ্ৰী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে নতুনকৈ নিৰ্মাণ কৰা আৰ চি চি কালভার্ট । ৰাইজৰ অভিযোগ অনুসৰি, অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰাৰ বাবেই পানীত খহি পৰিছে কালভাৰ্টটো ।

জানিব পৰা মতে, দৰঙৰ দলগাঁও-শ্যামপুৰ সংযোগী একমাত্ৰ পথৰ বৰকুৰ গাঁৱত ২০১৯-২০ বৰ্ষৰ মঙ্গলদৈ ও দলগাঁও ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত SOPD ( FDR) আঁচনিৰ ৩৮.৬১ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা আৰ চি চি কালভার্টৰ কাম সমাপ্ত কৰিছিল ঠিকাদাৰ কবিৰ আলীয়ে ৷

ধনশ্ৰী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ৩৯ লাখ টকীয়া চি চি কালভার্ট

কিন্তু কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধনশ্ৰী নদীৰ পানী উফন্দি উঠাৰ ফলত নিৰ্মাণ কৰা আৰ চি চি কালভার্টটোৰ মাজৰ অংশ খহি যোৱাত কেইবাখনো গাঁৱৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । উল্লেখ্য যে, আৰ চি চি কালভার্টটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পৰাই অতি নিম্ন মানৰ হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল যদিও ৰাইজৰ অভিযোগক কোনো গুৰুত্ব নিদি ঠিকাদাৰে চলাই গৈছিল আৰ চি চি কালভার্টৰ কাম । যাৰ ফলত নিৰ্মাণৰ কেইমাহমান পিছতেই পানীৰ সোঁতত খহি পৰে প্ৰায় ৩৯ লাখ টকীয়া চি চি কালভার্ট । যাৰবাবে বৰ্তমান উচ্চ পৰ্যায়ৰ তদন্ত কৰি দুৰ্নীতিত লিপ্ত ঠিকাদাৰ কবিৰ আলীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.