দৰং, 12 জুন: ছিপাঝাৰত আত্মহনন(Suicide)ৰ পথ বাচি ল'লে এজন যুৱক আৰু এগৰাকী মহিলাই । একেডাল ৰছীতে ওলমি থাকিল দুয়োৰে নিথৰ দেহ । ছিপাঝাৰৰ দেওমৰনৈত সংঘটিত হ'ল এই শোকাৱহ ঘটনা ।
ভগৱান শৰ্মা নামৰ এজন অবিবাহিত যুৱক আৰু মেঘালী দেৱী নামৰ এগৰাকী বিবাহিতা মহিলাই আত্মহত্যা কৰে । এই ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে পাথৰিঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে । সম্প্ৰতি ঘটনা সন্দৰ্ভত পাথৰিঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
পৰকীয়া প্ৰেমৰ পৰিণতিতে আত্মহননৰ পথ বাচি লোৱা বুলি সন্দেহ কৰিছে একাংশ স্থানীয় লোকে । দুয়োজনে আত্মহত্যা কৰাৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই । এই আত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰে ।
লগতে পঢ়ক:মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ অনুদান মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ