ETV Bharat / state

ব্যতিক্ৰমী কৃষি কৰ্মৰে তিনিটাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে খাৰুপেটীয়াৰ কৃষকে

গোলাঘাট জিলাৰ বোকাখাটত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা ২০২১ । উক্ত মেলাতে ব্যতিক্ৰমী কৃষি কৰ্মৰ বাবে তিনিটীকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয় খাৰুপেটীয়াৰ খগজানী গাঁৱৰ কৃষক জৰিপ আলীয়ে ৷

author img

By

Published : Jan 25, 2021, 10:26 PM IST

National_Award recived by a farmer of kharupetea
ব্যতিক্ৰমী কৃষি কৰ্মৰে তিনিটাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে খাৰুপেটীয়াৰ কৃষকে

দলগাঁও, ২৫ জানুৱাৰী : ব্যতিক্ৰমী কৃষি কৰ্মৰে তিনিটাকৈ ৰাষ্ট্ৰীয় বঁটা আজুৰি আনিলে খাৰুপেটীয়াৰ এজন কৃষকে ৷ খাৰুপেটীয়াৰ খগজানী গাঁৱৰ কৃষক জৰিপ আলীয়ে প্ৰণালীবদ্ধভাৱে জৈৱিক পদ্ধতিৰে ২৪ বিঘা মাটিত উন্নত জাতৰ আপেল বগৰী ,মালটা, ড্ৰেগন ফ্ৰুটচ , কাষ্টাৰ্ড আপেলকে ধৰি ৯ -১০ বিধ ফলৰ খেতিৰ লগতে জৈৱিক পদ্ধতিৰে পাচলিৰ খেতি কৰি ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । কৃষক গৰাকীয়ে বিভিন্ন ধৰণৰ ফল মূলৰ লগতে কেপছিকাম , ছামাৰ স্বোৱাচ আদি ব্যতিক্ৰমী খেতি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটাকৈ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, ২১ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ গোলাঘাট জিলাৰ বোকাখাতত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা ২০২১ । ৰাষ্ট্ৰীয় পৰ্যায়ৰ শস্য মেলাত ৩৩ খন জিলাৰ কৃষকে অংশ গ্ৰহণ কৰে । কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বহিঃৰাষ্ট্ৰৰ বহু লোক উপস্থিত থকা ৰাষ্ট্ৰীয় মেলাত দৰঙৰ কৃষকে লাভ কৰে সাতটাকৈ বঁটা । ইয়াৰে তিনিটা বঁটা আজুৰি আনিবলৈ সক্ষম হয় খাৰুপেটীয়াৰ খগজানী গাঁৱৰ কৃষক জৰীপ আলীয়ে । কৃষক গৰাকীয়ে কেপছিকাম , ছামাৰ স্বোৱাচ আৰু আপেল বগৰীৰ খেতিৰ বাবে লাভ কৰে তিনিটাকৈ বঁটা ।
লগতে পঢ়ক: অসমৰ ৰাইজক মুৰ্খ সজাইছে অমিত শ্বাহে : ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.