দৰং,30 ডিচেম্বৰ: মঙলদৈৰ ন-বোৱাৰী কৃষ্ণামণি ডেকাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গৌতম বৈশ্যক গ্ৰেপ্তাৰ ৷ মঙলবাৰে নিশা মঙলদৈ আৰক্ষীয়ে আজাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে স্বামী গৌতম বৈশ্যক ৷ আজাৰত আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছিল গৌতমে ৷
আনহাতে,এই হত্যাকাণ্ডৰ আন এগৰাকী মূল অভিযুক্ত বলোৰাম ৰাজবংশীকো আটক কৰে মঙলদৈ আৰক্ষীয়ে ৷ সাংবাদিকে পত্নীৰ মৃত্যু সন্দৰ্ভত প্ৰশ্ন কৰাত এইয়া আত্মহত্যাৰ ঘটনা বুলি মন্তব্য কৰে স্বামী গৌতম বৈশ্যই ৷ বুধবাৰে দিনৰ ভাগত আদালতত হাজিৰ কৰোৱা হ’ব দুয়োগৰাকী অভিযুক্তৰে ৷
উল্লেখ্য যে,বিগত 27 ডিচেম্বৰত দৰং জিলাৰ বৰসত্ৰৰ তামুলীপাৰাত ৰহস্যজনকভাৱে ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল কৃষ্ণামণি ডেকাৰ মৃতদেহ ৷ পৰকীয়া প্ৰেমৰ বাবেই কৃষ্ণামনি ডেকাক স্বামীৰ পৰিয়ালে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল কৃষ্ণামণিৰ পৰিয়ালে । এই ঘটনাৰ পিছতেই স্বামী গৌতম বৈশ্য,শহুৰ খিতেশ্বৰ বৈশ্য আৰু শাহু দৈৱকী বৈশ্য পলাতক হৈ আছিল ৷
লগতে পঢ়ক-বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি মঙলদৈৰ বৰসত্ৰত উত্তপ্ত পৰিস্থিতি