ETV Bharat / state

প্ৰৱাসী অসমীয়াৰ সৈতে বাৰ্তালাপত সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া - প্ৰবাসী অসমীয়া

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ প্ৰবাসী অসমীয়া তথা আছাম এছ'চিয়েছন অফ্ নৰ্থ আমেৰিকা আৰু অসম সাহিত্য সভাৰ মাজত ভিডিঅ' কনফাৰেন্স যোগে সম্পন্ন হ'ল "গ্ল'বেল বেবীনা" শীৰ্ষক এক বিশেষ আন্তৰ্জাতিক আলোচনা ৷ বিশ্বৰ বিভিন্ন দেশৰ প্ৰৱাসী অসমীয়াৰ সৈতে এই বিশেষ আন্তৰ্জাতিক আলোচনা সভা আয়োজন কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই ৷

Dr‎.Kuladhar Saikia attended a video conference with migrant Assamese people
প্ৰবাসী অসমীয়াৰ সৈতে "গ্ল'বেল বেবীনা" শীৰ্ষক আলোচনাত অংশগ্ৰহণ ডঃ কুলধৰ শইকীয়াৰ
author img

By

Published : May 19, 2020, 12:51 PM IST

তেজপুৰ, 19মে': বিশ্বজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ত্ৰাস ৷ কিন্তু কৰ'ণা ভাইৰাছে তলাব পৰা নাই অসম প্ৰেমক ৷ কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ প্ৰৱাসী অসমীয়া তথা আছাম এছ'চিয়েছন অফ্ নৰ্থ আমেৰিকা আৰু অসম সাহিত্য সভাৰ মাজত ভিডিঅ' কনফাৰেন্স যোগে সম্পন্ন হ'ল "গ্ল'বেল বেবীনা" শীৰ্ষক বিশেষ আন্তৰ্জাতিক আলোচনা ৷

বিশ্বৰ বিভিন্ন দেশত থকা প্ৰৱাসী অসমীয়াৰ সৈতে এই আন্তৰ্জাতিক আলোচনা সভা আয়োজন কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই ৷

Dr‎.Kuladhar Saikia attended a video conference with migrant Assamese people
প্ৰবাসী অসমীয়াৰ সৈতে "গ্ল'বেল বেবীনা" শীৰ্ষক আলোচনাত অংশগ্ৰহণ ডঃ কুলধৰ শইকীয়াৰ

ইপিনে সূদুৰ আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান, দক্ষিণ কোৰিয়া, ওমান, ছিংগাপুৰ, কুৱেইট, স্কটলেণ্ড, ব্ৰিটেইন, কানাডাকে আদি কৰি বিভিন্ন দেশৰ প্ৰৱাসী অসমীয়াসকলে অংশ লোৱা এই আন্তৰ্জাতিক আলোচনা সভাৰ লগে লগে অসমীয়া ভাষা আৰু সংস্কৃতিৰ উত্তৰণত এক নতুন অধ্যায়ৰ সূচনা হোৱাৰ লগতে কঢ়িয়াই আনিলে অসমবাসীৰ বাবেও এক শুভ বাৰ্তা ৷

সভাপতি ডঃ কুলধৰ শইকীয়াই প্ৰায় তিনি ঘণ্টা ধৰি প্ৰৱাসী অসমীয়াসকলৰ সৈতে অসম সাহিত্য সভা সন্দৰ্ভত বিভিন্ন বিষয়ত আলোচনা কৰে ৷ সভাপতিগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে, অসম সাহিত্য সভা অসমীয়া জাতীয় সত্ত্বাৰ এক গুৰুত্বপূৰ্ণ আহিলা ৷ সাহিত্য সভাক এক সীমিত সংখ্যক সাহিত্যিক আৰু লেখকৰ অনুষ্ঠান বুলি ভাবি লোৱাটো ভুল ৷ অসমৰ অৰ্থনৈতিক ব্যৱস্থাৰ কাঠামোৰ ক্ষেত্ৰত যদি আমি নিজে আগবাঢ়ি নাহো তথা অংশীদাৰ নহওঁ তেনেহ'লে কোনে আগবঢ়াই নিব বুলি কৈ সকলোকে সহযোগ কৰিবলৈ আহ্বান জনায় ৷

"গ্ল'বেল বেবীনা" শীৰ্ষক আলোচনাত অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াক প্ৰৱাসী অসমীয়াসকলে আগন্তুক দিনত অসমৰ অৰ্থনীতি আৰু বুনিয়াদৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে আগবাঢ়ি যোৱাত সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়কঃকৰ'ণা যোদ্ধালৈ শ্ৰদ্ধা, অসম অলিম্পিক সন্থাৰ ভিডিঅ' মুকলি মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.