ETV Bharat / state

ইমৰাণ শ্বাহৰ পাছত সাহিত্য সভা আছে বুলি কোনেও নাভাৱে: কনক সেন ডেকা - পৰমানন্দ ৰাজবংশীৰ বিজেপিত যোগদান

মঙলদৈত বিশিষ্ট সাহিত্যিক কনক সেন ডেকাৰ সংবাদ মেল ৷ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ডেকাৰ ৷ বৰ্তমান আৰম্ভ হোৱা নিৰ্বাচনী পৰ্বক মাফিয়াৰাজ আখ্যা দিছে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷

kanaksen deka criticizes paramananda rajbongshi

author img

By

Published : Mar 7, 2021, 10:54 PM IST

দৰঙ, 7 মাৰ্চ: ৰাজ্যৰ ৰাজনীতিৰ সামগ্ৰিক পৰিস্থিতিক মাফিয়াৰাজ আখ্যা দিছে ৰাজ্যৰ বিশিষ্ট সাহিত্যিক কনক সেন ডেকাই ৷ বৰ্তমান আৰম্ভ হোৱা নিৰ্বাচনী পৰ্বক মাফিয়াৰাজ আখ্যা দি ডেকাই কয় যে, যিসকল লোকেত তেঁওলোকৰ দল জিকিব বুলি আশা কৰি আছিল প্ৰায় সকলোৱেই নিৰাশ হৈছে ৷ তেওঁ কয় যে, বৰ্তমান যেনেদৰে প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে তেনে পৰিপ্ৰেক্ষিতত নিশ্চিত ৰূপত একো ক'ব পৰা নাযাব ৷ কিয়নো প্ৰাৰ্থীত্ব প্ৰদান কৰাক লৈয়ে অধিকাংশৰ বিৰোধীতা পৰিলক্ষিত হৈছে ৷

ইমৰাণ শ্বাহৰ পাছত সাহিত্য সভা আছে বুলি কোনেও নাভাৱে: কনক সেন ডেকা

অতি সম্প্ৰতি অগপ ত্যাগ কৰি পৰমানন্দ ৰাজবংশীয়ে বিজেপিত যোগদান কৰাক লৈ এইক্ষেত্ৰত সাহিত্যসভাত কেনেধৰণে প্ৰভাৱ পৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ডেকাই কয় যে ইমৰাণ শ্বাহৰ পাছত সাহিত্য সভা আছে বুলি অসমৰ ৰাইজৰ কোনেও নাভাৱে ৷ তেঁও যদি ভাল পাইছে তেন্তে তেঁও কৰক , ৰাইজে ইয়াৰ উত্তৰ দিব বুলি পৰমানন্দ ৰাজবংশীৰ সন্দৰ্ভত মন্তব্য কৰি তেঁও লগতে অমৃতত এটোপাল বিষৰ সৈতে ৰাজবংশীক তুলনা কৰে ৷

লগতে পঢ়ক: একেখন সংবাদমেলত অতুল, প্ৰমোদ, ৰঞ্জিত : কি ক'লে সমষ্টিৰ প্ৰাৰ্থীত্বৰ সন্দৰ্ভত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.