দৰং,10 জুলাইঃ কলাইগাঁও কাণ্ডৰ মূল অভিযুক্ত বুলি পৰিয়ালৰ লোকে কৰা অভিযোগৰ ভিত্তিত দৰং আৰক্ষীয়ে সোমবাৰে দৰঙৰ কুৰুৱাৰ পৰা ভণ্ড বাবা ৰমেশ চহৰীয়াক গ্ৰেপ্তাৰ পিছত ৰমেশ চহৰীয়াৰ সহযোগী কাজল ভূঞা এতিয়াও পলাতক৷
ধৃত ৰমেশ বাবাই আৰু পুলকেশৰ মাতৃয়ে প্ৰকাশ কৰামতে কাজল ভূঞাই মৃত পুলকেশক এসপ্তাহ পূৰ্বে গাহৰিৰ দাঁত প্ৰদান কৰিছিল । আৰক্ষীয়ে ভণ্ড তান্ত্ৰিক কাজল ভূঞাৰ সন্ধানত অভিযান অব্যাহত ৰাখিলেও এতিয়াও পলাতক কাজল ৷