ETV Bharat / state

দৰমহাক লৈ অসন্তুষ্ট দৰঙৰ কৰ'ণা ৰোগীক চোৱাচিতা কৰা কৰ্মচাৰী - কৰ'ণা আক্ৰান্ত ৰোগী

নিজৰ জীৱনকো তুচ্ছ কৰি কৰ'ণা আক্ৰন্ত ৰোগীক চোৱা-চিতা কৰা কৰ্মচাৰী সকলে লাভ কৰে মাহিলি মাত্ৰ দুহেজাৰ টকা । চৰকাৰক বাৰম্বাৰ মননি বঢ়াবলৈ অনুৰোধ কৰা সত্বেও চৰকাৰে দিয়া নাই কোনো গুৰুত্ব ।

দৰমহাক লৈ অসন্তুষ্ট দৰঙৰ কৰ'ণা দৰঙৰ একাংশ স কৰ্মচাৰী

author img

By

Published : Jun 1, 2020, 7:12 PM IST

দৰং, 1 জুনঃ কৰ'ণা আক্ৰান্ত ৰোগীৰ পৰা সাধাৰণ লোক আঁতৰি থকাৰ সময়ত তেনে ৰোগীক চোৱাচিতা কৰাৰ বাবে দৰঙত নিয়োজিত হৈ আছে প্ৰায় 60 গৰাকী কৰ্মচাৰী । চিকিৎসালয় পৰিচালনা সমিতিৰ দ্বাৰা নিয়োজিত হৈ আছে এইসকল লোক । কিন্তু তেওঁলোকক প্ৰদান কৰা হয় মাহিলি মাত্ৰ দুহেজাৰ টকা । সেয়ে বৰ্তমান অসন্তুষ্ট হৈ পৰিছে এই কৰ্মচাৰীসকল ।

দৰমহাক লৈ অসন্তুষ্ট দৰঙৰ কৰ'ণা ৰোগীক চোৱাচিতা কৰা কৰ্মচাৰী

প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়ত দৈনিক শ্ৰম কৰি সামান্য মাননি লাভ কৰা লোক সকলক বৰ্তমান মহামাৰীৰ সময়ত COVID-19 আক্ৰান্ত ৰোগীক চোৱা-চিতাৰ কামত নিয়োজিত কৰা হৈছে । কিন্তু তেওঁলোকক পূৰ্বৰে পৰা দি অহা হৈছে মাহিলি মাত্ৰ দুহেজাৰ টকাৰ মাননি । বাৰম্বাৰ চৰকাৰক এই মাননিৰ পৰিমাণ বঢ়াবলৈ তেওঁলোকে অনুৰোধ জনাইছে । কিন্তু চৰকাৰে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ কৰিছে কৰ্মচাৰী সকলে ।

লগতে চাওকঃ নগাঁও আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ পাঁচ কুখ্যাত ডকাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.