দলগাঁও,২৬ ছেপ্টেম্বৰঃ অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা আৰু উক্ত পদৰ বাবে বিজেপি নেতাৰ ধনৰ লেনদেনৰ তথ্য পোহৰলৈ অহা ঘটনাক ইত্তেহাদ ফ্ৰন্ট ,অসম ৰাজ্যিক সমিতিয়ে দুৰ্ভাগ্যজনক আখ্য দিয়ে ৷ শনিবাৰে দলগাঁও পৰিদৰ্শন বঙলাত আয়োজিত এক সংবাদমেলত ফ্ৰন্টৰ সভাপতি নুৰ ইছলামে কয় যে- সুশাসনৰ শ্লগান আওৰাই ফুৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দায়িত্বত থকা গৃহ বিভাগটো চূড়ান্ত ভাবে ব্যৰ্থ হৈছে ৷
দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰৰ দিনতেই বৃহৎ দূৰ্নীতি সংঘটিত হৈ আহিছে ৷ সৰ্বানন্দ সণোৱাল নেতৃত্বাধীন অসম চৰকাৰে কোনো এটা পৰীক্ষাই সঠিক ভাবে অনুষ্ঠিত কৰিব পৰা নাই ৷ উক্ত কেলেংকাৰীত বিজেপি নেতা দিবন ডেকাৰ লগত প্ৰাক্তন উপ মহা পৰিদৰ্শক পি কে দত্ত জড়িত থকা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে সংবাদমেলত ৷ উক্ত কেলেংকাৰীত কেৱল প্ৰাক্তন বিষয়া জনেই যে জড়িত তেনে নহয় নিৰপেক্ষ ভাৱে ন্যায়িক তদন্ত কৰিলে বহু ৰৌ-বৰালি তথা উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া, বহু মন্ত্ৰী বিধায়ক বিজেপি ও আৰ এছ এছৰ একাংশ নেতাৰ নাম পোহৰলৈ আহিব । ইত্তেহাদ ফ্ৰন্টে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত সমিতি গঠন কৰি উক্ত খাকী পোছাকৰ আঁৰৰ কু-কীৰ্তিত জড়িত থকা বিষয়া ও নেতা পালিনেতাৰ সকলো কুকৰ্ম ফাদিল কৰিবলৈ সংবাদমেল যোগে দাবী উত্থাপন কৰিছে ।
লগতে পঢ়কঃ সোণোৱালে অসমীয়া জাতিক বিশ্বাস নকৰে:অদিপ কুমাৰ ফুকন