দৰং,23 এপ্ৰিলঃ ক’ভিডৰ দ্বিতীয় ঢৌত বৃহস্পতিবাৰে দৰঙত ২৬০ গৰাকীৰ দেহত ক’ভিড-19ৰ উপস্থিতি ধৰা পৰিছে আৰু বৰ্তমান ১৯৮ গৰাকী লোক জিলাখনত চিকিৎসাধীন হৈ আছে ৷ ইপিনে বৃহস্পতিবাৰৰ দিনটোতে জিলাখনত ৫৭ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ উপস্থিত ৷
তাৰমাজতে মঙলদৈ সাপ্তাহিক বঙলাগড় বজাৰত দেখা গৈছে বিপৰীত দৃশ্য ৷ বজাৰলৈ অহা কিছু সংখ্যক লোকে মাস্ক পৰিধান কৰি আহিছে যদিও বহুতে এতিয়াও মাস্ক পৰিধান নকৰাকৈয়ে বজাৰ কৰিবলৈ অহা দেখা পোৱা যায় ৷ একাংশই আকৌ সাংবাদিকৰ কেমেৰা দেখিহে মাস্ক পৰিধান কৰে ৷
উল্লেখযোগ্য যে, প্ৰশাসনে বাৰম্বাৰ ক’ভিড বিধি মানি চলিবলৈ আহ্বান জনোৱাৰ পিছতো এনেদৰে নিয়ম উলংঘা কৰি থাকিলে ভৱিষ্যতে পৰিবেশ অধিক ভয়ংকৰ হোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে ।