দৰঙ, নৱেম্বৰ 6 : অসমৰ এগৰাকী প্ৰথিতযশা নাট্যকাৰ, গীতিকাৰ, অভিনেতা তথা পৰিচালক হেমন্ত দত্ত ৷ বিগত কেইবা দশকজুৰি অসমৰ দৰ্শকলৈ বহু কেইখন জনপ্ৰিয় নাটক উপহাৰ দিছে হেমন্ত দত্তই ৷ সেই নাটক সমূহৰ ভিতৰত অন্যতম টাইটানিক, পত্নী, বেদখল, লাজ আদি ৷ গীতিকাৰ হিচাপেও সুনাম আছে হেমন্ত দত্তৰ ৷ কিন্তু বৰ্তমান সময়ত যেন কিছু পৰিমানে অসমৰ ৰাইজে পাহৰি পেলাইছে এইগৰাকী মহান শিল্পীক ৷ কেনে আছে এইগৰাকী যশস্বী শিল্পী, তাকে জানিবলৈ আমি কাষ চাপিছিলো তেখেতৰ ৷
ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যলয়ত পঢ়ি থকা সময়ৰ পৰাই গীত ৰচনা কৰিছিল তেখেতে ৷ অসমীয়া শ্ৰোতাৰ হৃদয়ত সুকীয়া স্থান দখল কৰা প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ উপৰিও ৰাজেন গোঁহাই, মালবিকা বৰা আদি বহু কেইগৰাকী শিল্পীৰ কণ্ঠত প্ৰাণ পাইছিল হেমন্ত দত্তৰ গীতে ৷ তেখেতৰ কলমেৰে নিগৰিছিল.. মই যি বাটেৰে ওলালো আজি নাহো উভতি, সময় গতিশীল, এই আকাশ বৰ বিশাল, শেৱালি পাহিয়ে কোমল মিচিকি হাঁহিৰে, বুকুভৰা এই তৃষা যে, ক'তেনো আছা মোৰ কলিজাৰ আই আদি বহু সুমধুৰ গীতৰ কথা ৷ তৃতীয় শ্ৰেণীত পঢ়ি থকাৰ সময়তেই অভিনয়েৰে নিজৰ প্ৰতিভাৰ উমান দিছিল হেমন্ত দত্তই ৷ হাইস্কুলত পঢ়ি থকা সময়ত নিজেই একাংকিকা নাট লিখি শ্ৰেষ্ঠ অভিনেতা আৰু নাট্যকাৰৰ সন্মানো লাভ কৰিছিল তেখেতে ৷ তেতিয়াৰ পৰাই তেখেতে নাট্যজগতৰ ক্ৰমে গভীৰতাৰ দিশলৈ গতি কৰিছিল ৷ ভ্ৰাম্যমান, অপেচাদাৰী মঞ্চ অভিনয়ৰ উপৰিও বোলছবিতো অভিনয় কৰিছিল হেমন্ত দত্তই ৷ কিন্তু শাৰিৰীক অসুস্থতাৰ বাবে কিছু পৰিমাণে যতি পৰিছে তেখেতৰ সৃষ্টিত ৷ তথাপিও কিন্তু তেখেত আশাবাদী নতুন নাটক সৃষ্টিৰ বাবে ৷
বৰ্তমান সময়ৰ গীত-নাট সম্পৰ্কে কি কয় :
বৰ্তমান সময়ৰ গীত নাটক লৈ তেখেতে কয় যে, সংস্কৃতি ধাৱমান গতিকে পৰিৱৰ্তন অহাতো স্বাভাৱিক ৷ কিন্তু সমাজৰ বাবে ভাল বাৰ্তা কঢ়িয়াই অনা আৰু দৰ্শকক ৰুচিবোধ যোগাব পৰা গীত-নাট সৃষ্টিয়েহে আমাৰ সংস্কৃতিক সমৃদ্ধিশালী কৰিব ৷
ভ্ৰাম্যমান বিতৰ্ক আৰু হেমন্ত দত্তৰ মন্তব্য :
বৰ্তমান সময়ত ব্যাপকভাৱে বিতৰ্কত সোমাই পৰা ভ্ৰাম্যমানৰ নাট সম্পৰ্কে হেমন্ত দত্তই কয় যে, পূৰ্বতেও ইংৰাজী আৰু হিন্দী চিনেমাৰ কাহিনীৰ আলম লৈ নাট সৃষ্টি হৈছিল ৷ সেই সমূহ কাহিনী ভাৱান্তৰৰ যোগেদি দৰ্শকক দেখুওৱাতো প্ৰয়োজনীয় আছিল ৷ কিন্তু লেডী ডায়েনাৰ দৰে নাট ভ্ৰাম্যমানে মঞ্চস্থ কৰাৰ পাচতেই হেমন্ত দত্তই আনৰ কাহিনীৰ পৰা নাট ৰচনা নকৰিবলৈ ঠিৰাং কৰিছিল ৷ গতিকে সমাজৰ বাবে ভাল বাৰ্তা কঢ়িয়াই আনিব পৰা ধৰণৰ নাটকৰ কাহিনীহে নাট্যকাৰে গ্ৰহণ কৰা উচিত ৷ আনহাতে, নৱ প্ৰজন্মক নাটক চাবলৈ অনুৰোধ জনায় তেখেতে কয় যে, নাটক চাবলৈ গৈ হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰা অনুচিত ৷ শান্তভাৱে নাট উপভোগ কৰাটোহে ভাল দৰ্শকৰ লক্ষণ ৷
এইগৰাকী যশস্বী নাট্যকাৰ তথা গীতিকাৰৰ কলমেৰে পুনৰ নিগৰি পৰক সৃষ্টিৰ সুধা ৷ এইকামনাৰে ইটিভি ভাৰতৰ তৰফৰ পৰা তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ৷