ETV Bharat / state

গ্ৰাম্য জীৱনৰ পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰিছে দৰঙবাসীয়ে

author img

By

Published : Dec 15, 2020, 10:50 PM IST

আঘোনৰ পথাৰৰ পৰা সোণগুটি চপোৱাৰ পাচত অসমৰ ঠাই বিশেষে অনুষ্ঠিত কৰে কিছুমান পৰম্পৰাগত অনুষ্ঠান ৷ মঙলবাৰে দৰঙ জিলাত আনন্দ আৰু উল্লাসৰ মাজেৰে কৃষক ৰাইজে আয়োজন কৰে ন-খোৱা অনুষ্ঠান ৷

a special program celebrated by farmer society of darrang
গ্ৰাম্য জীৱনৰ পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰিছে দৰঙবাসীয়ে

দৰং, 15 ডিচেম্বৰ: সীমাহীন কষ্টৰ অন্তত কৃষক ৰাইজে ধান চপাই নিয়াৰ পাচত স্বাভাৱিকতে আনন্দিত হৈ পৰে কৃষক সমাজ ৷ জেঠমহীয়া প্ৰখৰ ৰ'দৰ পৰা ভৰ বাৰিষাৰ বৰষুণলৈ আওকাণ কৰি মাথো ব্যস্ত থাকে সপোনৰ পথাৰখনত ৷ আঘোণ মাহ অহাৰ লগে লগে যেন হাঁহি বিৰিঙি উঠে কৃষকৰ মুখত ৷ আঘোণৰ পথাৰৰ পৰা সোনগুটি চপোৱাৰ পাচত ঠাই বিশেষে আছে কিছুমান পৰম্পৰাগত বিশেষ নিয়ম৷ একেদৰে দৰঙতো আয়োজন কৰা হ'ল ন- খোৱা উৎসৱ ৷

গ্ৰাম্য জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা পৰম্পৰা ধৰি ৰাখিবলৈ দক্ষিন মালিবাৰীটাৰী হৰিমন্দিৰ উন্নয়ন সমিটিয়ে আয়োজন কৰিছে সমুহীয়া ন-খোৱা উৎসৱ৷ সমুহীয়া ন -খোৱা উৎসৱত অতিথি হিচাপে উপস্থিত থাকে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া ৷ কৃষক ৰাইজে পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰা এনে অনুষ্ঠান ৰূপায়নৰ বাবে শলাগ লয় বিধায়ক গৰকীয়ে । সোনগুটি ঘৰলৈ চপাই আনি সকলোৱে মিলি ন-ভাত খোৱা চহা জীৱনৰ এক ৰূপ ৰেখা বুলিও অভিহিত কৰে।

লগতে পঢ়ক: বৰদিনক লৈ উখল-মাখল পৰিৱেশ মহানগৰীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.