ETV Bharat / state

মন্ত্ৰী চন্দন ব্ৰহ্মৰ জন্মই হৈছে ঠগিবলৈ : নিৰ্মল কুমাৰ ব্ৰহ্ম

author img

By

Published : Aug 18, 2020, 1:38 PM IST

নিৰ্মল কুমাৰ ব্ৰহ্মই কয় যে, যোৱা কাৰ্যকালত মই জয়ী হৈছিলো যদিও বিটিচিত বিপিএফে পৰিষদ গঠন কৰিছিল । আমাক কোনো কাম কৰাৰ সুবিধা প্ৰদান কৰা হোৱা নাছিল । বিগত 17 বছৰে সমষ্টিটোৰ বাট-পথৰ সমস্যাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধ, খোৱাপানী, ভূমিপট্টা, চিকিৎসা সেৱা প্ৰদান আটি কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা আজিপৰ্যন্ত কোনো ব্যৱস্থা কৰা নাই বিটিছি প্ৰশাসনে ৷

UPPL candidate Nirmal Kumar Brahma election campaign before BTC election
মন্ত্ৰী চন্দন ব্ৰহ্মৰ জন্মই হৈছে ঠগিবলৈহেঃনিৰ্মল কুমাৰ ব্ৰহ্ম

চিৰাং,18 আগষ্টঃ কৰ’ণা ভাইৰাছৰ মাজতে বিটিচিত আৰম্ভ হৈছে নিৰ্বাচনী কোচকাৱাজ ৷ পৰিস্থিতি কিছু উন্নত হ’লেই আৰম্ভ হোৱাৰ সম্ভাৱনা বিটিছি পৰিষদীয় নিৰ্বাচন ৷ সমান্তৰালকৈ ১৬ নং নিচিমা সমষ্টিটো প্ৰচাৰ আৰম্ভ কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ৷ পূৰ্বে সমষ্টিটো বিপিএফৰ দখলত আছিল যদিও যোৱা নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী জেমচ বসুমতাৰীক পৰাজিত কৰি জয়ী হৈছিল নিৰ্মল কুমাৰ ব্ৰহ্ম ৷

নিৰ্মল কুমাৰ ব্ৰহ্মই কয় যে, যোৱা কাৰ্যকালত মই জয়ী হৈছিলো যদিও বিটিচিত বিপিএফে পৰিষদ গঠন কৰিছিল । আমাক কোনো কাম কৰাৰ সুবিধা প্ৰদান কৰা হোৱা নাছিল । বিগত 17 বছৰে সমষ্টিটোৰ বাট-পথৰ সমস্যাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধ, খোৱাপানী, ভূমিপট্টা, চিকিৎসা সেৱা প্ৰদান আটি কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা আজিপৰ্যন্ত কোনো ব্যৱস্থা কৰা নাই বিটিছি প্ৰশাসনে ৷ এই সমষ্টিটোৰ পৰাই জয়যুক্ত হৈ চন্দন ব্ৰহ্ম মন্ত্ৰী হৈ আছে যদিও সমষ্টিবাসীৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নাই তেখেতৰ ৷ ইয়াৰ উপৰিও লাংকাৰ নদীৰ ওপৰত দলং নিৰ্মানৰ প্ৰতিশ্ৰুতিও পূৰণ নকৰিলে মন্ত্ৰীগৰাকীয়ে ৷

নিৰ্মল কুমাৰ ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

এইবেলি ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ ভাল হোৱা বুলিও মন্তব্য কৰে নিৰ্মল কুমাৰ ব্ৰহ্মই ৷ মালিভিটাৰ এখন সভাত ৭০ টা পৰিয়ালৰ প্ৰায় আঢ়ৈ শ লোকে বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান কৰে বুলিও জনায় ব্ৰহ্মই ৷ বিপিএফৰ ঠাইত ইউপিপিএলক আকোৱালি লৈছে বুলিও কয় তেখেতে ৷ আনহাতে, নিচিমা সমষ্টিত তিনিজনকৈ প্ৰাৰ্থী থাকিলেও বিপিএফৰ প্ৰাৰ্থী জেমচ বসুমতাৰী তেখেতৰ মুখ্য প্ৰতিদ্বন্দী হ’ব বুলি মন্তব্য কৰে ৷

১৬ নং নিচিমা সমষ্টি

লগতে পঢ়ক-৬৮সংখ্যক 'মন কী বাত'ৰ বাবে দেশবাসীৰ পৰা উপদেশ বিচাৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.