ETV Bharat / state

বিটিচি নিৰ্বাচনৰ বাবে একেলগে টঙালি বান্ধিলে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে

author img

By

Published : Aug 21, 2020, 10:03 PM IST

কংগ্ৰেছ দলৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ'ব সেইয়া সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ৷ কংগ্ৰেছ-এ আই ইউ ডি এফৰ লগতে আন আন ৰাজনৈতিক দলক লগত লৈ আগন্তুক বিধানসভা নিৰ্বাচনত মহাজোঁটবন্ধন গঠন কৰি বিজেপিক পৰাভূত কৰিব বুলিও স্পষ্ট কৰি দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷

The Congress-AIUDF tied the knot together for the BTC elections
বিটিচি নিৰ্বাচনৰ বাবে একেলগে টঙালি বান্ধিলে কংগ্ৰেছ-এ আই ইউ ডি এফে

চিৰাং,21আগষ্টঃ শুকুৰবাৰে একেখন মঞ্চতে দেখা পোৱা গ'ল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নেতৃত্বক৷ বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি একেলগে টঙালি বান্ধিলে দুয়োটা দলে৷ আজি চিৰাঙৰ বিজনীৰ আলুখুন্দাত অনুষ্ঠিত যৌথ কৰ্মী সভাত দেখা পোৱা গ'ল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ শীৰ্ষ নেতৃত্বক ৷ কৰ্মী সভাত অংশগ্ৰহণ কৰে ক্ৰমে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা,এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম,বিধায়ক হাফিজ ৰফিকুল ইছলাম,জাকিৰ হুচেইন শিকদাৰ আৰু আব্দুল হাই নাগৰিৰ লগতে কেইবাজনো নেতা ৷

বিটিচি নিৰ্বাচনৰ বাবে একেলগে টঙালি বান্ধিলে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে

সাংবাদিকৰ আগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই মন্তব্য কৰে যে,কংগ্ৰেছ দলৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ'ব সেইয়া সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ৷ কংগ্ৰেছ-এ আই ইউ ডি এফৰ লগতে আন আন ৰাজনৈতিক দলক লগত লৈ আগন্তুক বিধানসভা নিৰ্বাচনত মহাজোঁটবন্ধন গঠন কৰি বিজেপিক পৰাভূত কৰিব বুলিও স্পষ্ট কৰি দিয়ে সভাপতি গৰাকীয়ে ৷ আনহাতে বিটিচিৰ পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ দলে ১৩ খন আসনত প্ৰাৰ্থী দিয়াৰ লগতে এ আই ইউ ডি এফ দলে ৭ খন আসনত প্ৰাৰ্থী নিক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ মুঠ 20 টা সমষ্টিৰ প্ৰাৰ্থীসকলক যৌথ ভাৱে জয়ী কৰোৱাৰ বাবে কাম কৰি যাব বুলিও কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

ইপিনে,এ আই ইউ ডি এফ দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে মন্তব্য কৰে যে, কংগ্ৰেছ-এ আই ইউ ডি এফ দলে যৌথ ভাৱে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ কামত আগবাঢ়িছে ৷ দলৰ সভাপতি বদৰুদ্দিন আজমল ক'ভিড-১৯ৰ বাবে দেশৰ বাহিৰত আছে যদিও ইতিমধ্যে কংগ্ৰেছৰ সৈতে মিত্ৰতা চূড়ান্ত হৈছে ৷ সভাপতিগৰাকী অহাৰ পিছতে মিত্ৰতাৰ বাকী থকা কামবোৰো সম্পূৰ্ণ হৈ উঠিব ৷ তদুপৰি সভাপতি বদৰুদ্দিন আজমলে কোনোদিনেই মুখ‍্যমন্ত্ৰী হোৱাৰ সপোন দেখা নাই বুলিও আমিনুল ইছলামে সাংবাদিকৰ আগত মন্তব্য কৰে ৷

যৌথ কৰ্মী সভাত উপস্থিত থাকি বিধায়ক জাকিৰ হুচেইন শিকদাৰ আৰু আব্দুল হাই নাগৰিয়েও কংগ্ৰেছ-এআইইউডিএফ দলৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰে যে, যৌথভাৱে তথা একত্ৰিত হৈ বিজেপি দলক পৰাভূত কৰিবৰ বাবে দুয়োটা দলে আগন্তুক সময়ত কাম কৰি যাব ৷

উল্লেখযোগ্য যে, আজিৰ যৌথ কৰ্মী সভাত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰাৰ লগতে বিটিচিৰ পৰিষদীয় থুৰিবাৰী সমষ্টিৰ কংগ্ৰেছ-এ আই ইউ ডি এফ দলৰ যৌথ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ প্ৰচাৰ চলায় দুয়োটা দলৰ নেতৃবৰ্গই ৷

লগতে পঢ়কঃপ্ৰেমৰ কৰুণ পৰিণতি: প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.