চিৰাং, 5 নৱেম্বৰ : আজি বিশ্ববিখ্যাত শিল্পী ভাৰত ৰত্ন সুধাকন্ঠ ড0 ভূপেন হাজৰিকাৰ নৱম মৃত্যু তিথি । চিৰাং জিলাৰ বিজনী চহৰৰ সোঁমাজত অৱস্থিত বিজনী জিৰণি চৰাত স্থাপন কৰা সুধাকন্ঠৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। কাৰ্য্যসূচী অনুসৰি পুৱা 10 বজাত বিজনী সত্ৰৰ আইসকলৰ নাম প্ৰসংগ, পুৱা 10:30 বজাত হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰাক্তন প্ৰশাসনিক বিষয়া, চিন্তাশীল লেখক থানেশ্বৰ মালাকাৰে ।
পুৱা 10:45 বজাত স্মৰণিকা উন্মোচন কৰে বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰীয়ে। পুৱা 11 বজাত স্মৃতি চাৰণ সভাখন বিজনীৰ প্ৰাক্তন মহকুমাধিপতি তথা ড0 ভূপেন হাজৰিকা প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি দিঠকানন্দ হাজৰিকাৰ পৌৰহিত্যত অনুষ্ঠিত হয় । সভাত আলোচকৰূপে অংশ লয় চিন্তাশীল লেখক থানেশ্বৰ মালাকাৰ, চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰ আৰু ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে । সুধাকন্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসে ৷
লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে সোঁৱৰিলে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাক