ETV Bharat / state

চৰকাৰৰ দ্বাৰা অৱহেলিত সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত প্ৰমিলা নাৰ্জাৰী - ড° মঙ্গল সিং হাজোৱাৰী

প্ৰমীলা নাৰ্জাৰীয়ে কেবাখনো পুথি বড়ো ভাষালৈ অনুবাদ কৰি সযতনে ৰাখিছে ৷ কিন্তু দুখৰ বিযয় যে তেওঁ অসুখৰ বাবে শয্যাগত হ'বলগা হোৱাত বহুতো পুথি অপ্ৰকাশিত হৈ ৰৈছে৷

চৰকাৰৰ দ্বাৰা অৱহেলিত সাহিত্য একাডেমী বঁটা প্ৰাপ্ত প্ৰমিলা নাৰ্জাৰী !
author img

By

Published : Aug 24, 2019, 2:51 PM IST

চিৰাং, 24 আগষ্টঃ চিৰাং জিলাৰ শিলবাৰীৰ বাসিন্দা এসময়ৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত প্ৰমিলা নাৰ্জাৰী বৰ্তমান অৱহেলিত ৷ অচিন ৰোগত আক্ৰান্ত হৈ শয্যাগত হোৱা প্ৰমিলা নাৰ্জাৰীৰ খবৰ ল'বলৈ আহৰি নাই চৰকাৰৰ ৷

চৰকাৰৰ দ্বাৰা অৱহেলিত সাহিত্য একাডেমী বঁটা প্ৰাপ্ত প্ৰমিলা নাৰ্জাৰী !

2005 চনত বুঢ়ী আইৰ সাধু গল্প পুথি বড়ো ভাষালৈ অনুবাদৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল প্ৰমিলা নাৰ্জাৰীয়ে ৷ ইয়াৰ পাচতে 2016 চনত ৰাজ্যিক চৰকাৰৰ দ্বাৰা শ্ৰেষ্ঠা শিক্ষয়িত্ৰীৰ সন্মান , 2017 চনত চিৰাং জিলা প্ৰশাসনৰ তৰফৰ পৰা শ্ৰেষ্ঠ শিক্ষা সেৱাৰ সন্মান, 2018 চনত অইল ইণ্ডিয়া লিমিটেডৰ শিক্ষা ৰত্ন পুৰস্কাৰ আৰু বহুতো সন্মানেৰে বিভূষিতা প্ৰমীলা নাৰ্জাৰীয়ে অনেক সামাজিক-সাস্কৃতিক অনুষ্ঠানৰ লগত নিজকে জড়িত কৰি সমাজখন আগবঢ়াই লৈ যোৱাত অহৰহ চেষ্টাত ব্ৰতী হৈ আহিছে ৷ প্ৰমীলা নাৰ্জাৰীয়ে কেবাখনো পুথি বড়ো ভাষালৈ অনুবাদ কৰি সযতনে ৰাখিছে ৷ কিন্তু দুখৰ বিযয় যে তেওঁ অসুখৰ বাবে শয্যাগত হ'বলগা হোৱাত বহুতো পুথি অপ্ৰকাশিত হৈ ৰৈছে৷ এই সমূহ প্ৰকাশ কৰিব নোৱাৰাত অতি আক্ষেপ ব্যক্ত কৰে প্ৰমীলা নাৰ্জাৰীয়ে ৷ আজি মণ্ডল কেন্দ্ৰৰ সমন্বয়ক জিতেন্দ্ৰ সূত্ৰধাৰৰ নেতৃত্বত কমেও 25 জনীয়া শিক্ষক- শিক্ষয়িত্ৰীৰ দল প্ৰমীলা নাৰ্জাৰীৰ বাস গৃহত উপস্থিত হৈ তেওঁৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। লগতে সংগীত নাটক অকাডেমি পুৰষ্কাৰ প্ৰাপ্ত বিশিষ্ট সাহিত্যিক ড0 মঙ্গল সিং হাজোৱাৰীয়ে প্ৰমিলা নাৰ্জাৰীৰ খবৰ লৈ আশু আৰোগ্য কামনা কৰে ৷

Intro:সাহিত্য একাডেমী বঁটা প্ৰাপ্ত, শ্ৰেষ্ঠ শিক্ষয়িত্ৰীৰ সন্মান প্ৰাপ্ত  প্ৰমিলা নাৰ্জাৰী শয্যাগত। সংগীত নাটক একাডেমি পুৰষ্কাৰ প্ৰাপ্ত বিশিষ্ট সাহিত্যিক ড°মঙ্গল সিং হাজোৱাৰীয়ে খবৰ লৈ  আশু আৰোগ্য কামনা কৰে।

Body:চিৰাং জিলাৰ বড়োবাজাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত শিলবাৰী ভাওৰাগুৰী মণ্ডল সমল কেন্দ্ৰৰ অধীনস্থ  ৯১  নং মাক্ৰা শিলবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা শিলবাৰীৰ বাসিন্দা গগন নাৰ্জাৰী আৰু সুনাৰী নাৰ্জাৰীৰ কন্যা প্ৰমিলা নাৰ্জাৰী সম্প্ৰতি শয্যাগত ৷ সংগীত নাটক একাডেমি পুৰষ্কাৰ প্ৰাপ্ত বিশিষ্ট সাহিত্যিক ড°মঙ্গল সিং হাজোৱাৰীয়ে খবৰ লৈ  আশু আৰোগ্য কামনা কৰে শিক্ষয়িত্ৰী গৰাকীৰ ।
আজি নাৰ্জাৰীৰ বড়োবাজাৰৰ নিজ বাসভৱনত  মণ্ডল কেন্দ্ৰৰ সমন্বয়ক জিতেন্দ্ৰ সূত্ৰধাৰৰ নেতৃত্বতত  এদল শিক্ষক- শিক্ষয়িত্ৰীৰ উপস্থিত হৈ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিত্‍সাধীন হৈ থকা নাৰ্জাৰীৰ খা-খবৰ লয় লগতে তেখেতৰ আশু আৰোগ্যৰ বাবে নেদেখাজনলৈ প্ৰাৰ্থনা জনায় ৷ ২০০৫ চনত বুঢ়ী আইৰ সাধু গল্প পুথি বড়ো ভাষালৈ অনুবাদৰ বাবে সাহিত্য একাডেমী বঁটা, ২০১৬ চনত ৰাজ্যিক চৰকাৰৰ দ্বাৰা শ্ৰেষ্ঠা শিক্ষয়িত্ৰীৰ সন্মান,২০১৭ চনত  চিৰাং জিলা প্ৰশাসনৰ তৰফৰ পৰা শ্ৰেষ্ঠা শিক্ষা সেৱাৰ সন্মান, ২০১৮ চনত অইল ইণ্ডিয়া লিমিটেডৰ  শিক্ষা ৰত্ন পুৰস্কাৰ   আৰু বহতো সন্মানেৰে বিভুষিতা প্ৰমীলা নাৰ্জাৰীয়ে অনেক সামাজিক-সাস্কৃতিক অনুৃষ্ঠানৰ লগত নিজকে জডিত কৰি সমাজখন আগবঢ়াই লৈ যোৱাত অহৰহ চেষ্টাত ব্ৰতী হৈ আহিছে ৷

বাইট : ড° মঙ্গল সিং হাজোৱাৰী, বিশিষ্ট সাহিত্যিক তথা সংগীত নাটক একাডেমি পুৰষ্কাৰ প্ৰাপ্ত ।

Conclusion:অতি নিষ্ঠাৰে সৈতে কৰ্তব্য পালন কৰা প্ৰমীলা নাৰ্জাৰী কে'বাখনো পুথি বড়ো ভাষালৈ অনুবাদ কৰি সযতনে ৰাখিও অসুখৰ বাবে শয্যাগত  হ'বলগা হোৱাত অপ্ৰকাশিত হৈ ৰৈছে ৷ এই সমূহ প্ৰকাশ কৰিব নোৱাৰাত অতি আক্ষেপ ব্যক্ত কৰে ৷ আজি কমেও  ২৫ জনীয়া শিক্ষক- শিক্ষয়িত্ৰীৰ দলটোৱে প্ৰমীলা নাৰ্জাৰীৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ. ওচৰত প্ৰাৰ্থনা জনায়।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.