ETV Bharat / state

বঙাইগাঁও ৰে'লেৱে ষ্টেচনত উদ্ধাৰ কোকৰাঝাৰৰ এটা দৰিদ্ৰ পৰিয়াল

author img

By

Published : Jun 18, 2021, 11:06 PM IST

দীৰ্ঘদিন ধৰি কোকৰাঝাৰ জিলা (KOKRAJHAR DISTRICT) ৰ হৰভাঙা গাঁৱৰ পৰা আহি বঙাইগাঁও (BONGAIGAON) শ্মশানপাৰা ৰে'লৱে ষ্টেচন (RAILWAY STATION)ৰ কাষত এটা জুপুৰীত বাস কৰিছে বুদ্ধিৰাম বৰ্মন নামৰ লোকজনৰ দৰিদ্ৰ পৰিয়ালটোৱে ৷ দৰিদ্ৰ পৰিয়ালটোক সহায় কৰাৰ উদ্দেশ্যে শুকুৰবাৰে উপস্থিত হৈছে বঙাইগাঁও জিলা বিজেপি (BJP)ৰ এটা সজাতি দল ৷

poor Family help by BJP members At Bongaigaon
বঙাইগাঁও ৰে'লেৱে ষ্টেচনত উদ্ধাৰ কোকৰাঝাৰৰ এটা দৰিদ্ৰ পৰিয়াল

বঙাইগাঁও,18 জুন: নিউ বঙাইগাঁও শ্মশানপাৰা ৰে'ল বিভাগৰ ( RAIL DEPERTMENT) ভূমিত দীৰ্ঘদিন ধৰি সাধাৰণ জুপুৰী এটাতে বসবাস কৰি আছে বুদ্ধিৰাম বৰ্মন নামৰ লোকজনৰ দৰিদ্ৰ পৰিয়ালটোৱে ৷ দৰিদ্ৰ পৰিয়ালটোক সহায় কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টি (BJP) বঙাইগাঁও জিলা BONGAIGAON DISTRICT)ৰ সভানেত্ৰী হিমানী অধিকাৰীৰ সক্ৰিয় সহযোগিতাত শুকুৰবাৰে উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টিৰ (BJP) বঙাইগাঁও চহৰৰ (উত্তৰ) মণ্ডলৰ সভাপতি প্ৰদীপ ঘোষ, উপ-সভাপতি চন্দন সৰ্বজ্ঞ, সাধাৰণ সম্পাদক উজ্জ্বল দাস আৰু বঙাইগাঁও জিলা সামাজিক মাধ্যম কোষৰ জিলা আহ্বায়ক লিটন ঘোষ উপস্থিত হৈ পৰিয়ালটোক কিছু অত্যাৱশ্যকীয়(FOOD) খাদ্য সামগ্ৰী প্ৰদান কৰে।

বিজেপি (BJP)ৰ সজাতি দলটোৱে দৰিদ্ৰ পৰিয়ালটোৰ নথিপত্ৰ চোৱাৰ পিচত বুদ্ধিৰাম বৰ্মন কোকৰাঝাৰ জিলা (KOKRAJHAR DISTRICT)ৰ হৰভাঙা গাঁৱৰ স্থায়ী বাসিন্দা আছিল বুলি সাংবাদিকৰ আগত সদৰি কৰে ৷ তাৰোপৰি পৰিয়ালটোৰ ভোটাধিকাৰ কাৰ্ড (VOTER CARD) থকাৰ উপৰিও সুলভ মূল্যৰ ৰেচন কাৰ্ডো(RATION CARD) আছে। সেইসূত্ৰে বুদ্ধিৰাম বৰ্মনৰ পৰিয়ালটো চৰকাৰে প্ৰদান কৰা অন্ন, বস্ত্ৰ, বাসস্থানৰ লগতে সকলো চৰকাৰী আঁচনিৰ আওতাৰ ভিতৰত পৰিব লগা পৰিয়াল । উল্লেখ্য যে, দৰিদ্ৰ পৰিয়ালটোৱে কোকৰাঝাৰ জিলাৰ পৰা নিজে আঁতৰি আহি বৰ্তমান বঙাইগাঁও জিলাৰ অন্তৰ্গত নিউ বঙাইগাঁও অঞ্চলত বসবাস কৰিব লৈছে বুলি সজাতি দলটোৰ আগত সদৰি কৰে।

শীঘ্ৰেই বুদ্ধিৰাম বৰ্মনৰ দৰিদ্ৰ পৰিয়ালটো (POOR FAMILY)ক পূৰ্বৰ কোকৰাঝাৰ জিলাস্থিত স্থায়ী ঠকনাত পুনৰ সংস্থাপিত কৰি সকলো সা-সুবিধা পোৱাৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে সজাতি দলটোৰ সদস্য সকলে ৷

লগতে পঢ়ক-বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত অসমে সফলতা লাভ কৰিছে : ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.