চিৰাং, 1 ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত নিশা মঙলদৈ আৰক্ষীৰ অভিযান। অভয়াপুৰী আৰক্ষী আৰু উত্তৰ শালমাৰা আৰক্ষীৰ সহযোগত চলোৱা অভিযানত কেবাটাও স্থানৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি বিস্কুটৰ কাৰ্টন। বাইহাটা চাৰিআলিৰ সমীপৰ টোল গেটৰ পৰা ITCৰ বিস্কুটভৰ্তি ট্ৰাক অপহৰণ কৰি ট্ৰাকৰ পৰা চুৰি কৰিছিল বিস্কুটৰ কাৰ্টনসমূহ। যোৱা মঙলবাৰে সংঘটিত হৈছিল এই অপহৰণ তথা চুৰি কাণ্ড । মঙলদৈৰ পৰা শিলচৰ অভিমুখে কঢ়িওৱা হৈছিল ১৪৭১ কাৰ্টন বিস্কুট । সিদলসতী,লেংটিছিঙাৰ বিভিন্ন গুদামত মজুত কৰি ৰাখিছিল ITC কোম্পানীৰ ৭০০ অধিক বিস্কুট কাৰ্টুন
ইফালে চুৰি চক্ৰটোৰ সৈতে জড়িত থকাৰ সন্দেহত সিদলসতীৰ পৰা আটক কৰে তিনিজন লোকক,লেংটিছিঙাৰ পৰা আটক হয় আন দুজন লোক ৷ এই সিদলসতীৰ পৰা আটকাধীন লোক কেইজন হৈছে ক্ৰমে লাল মামুদ,ইছমাইল হুছেইন,আফজালুৰ ৰহমান খান ৷ আনহাতে লেংটিছিঙাৰ পৰা আটকাধীন দুজনৰ নাম জানিব পৰা হোৱা নাই। বিস্কুটৰ ট্ৰাকসহ চালকজন সম্প্ৰতি মঙলদৈ আৰক্ষীৰ জিম্মাত ৷ চালকজনক নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই সংঘটিত কৰিছিল চুৰিকাণ্ড। চুৰি হোৱা বিস্কুটখিনিৰ মূল্য প্ৰায় দহ লক্ষাধিক টকাৰ বুলি জানিব পৰা গৈছে। চুৰিচক্ৰৰ মূল নায়ক ৰাজু আলী সম্প্ৰতি পলাতক। আনহাতে ওৰে নিশা মংগলদৈ আৰক্ষীৰ অভিযান চলে বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তত।
ৃলগতে চাওকঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সংৰক্ষণৰ উৎকৰ্ষকতাৰ বঁটা