চিৰাং, 4 নবেম্বৰ : চিৰাঙৰ বিজনীত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হয় । মঙলবাৰে নিশা প্ৰায় ১২ বজাত বিজনীৰ বিষপানী গাঁৱত সংঘটিত হয় এই ঘটনা । বিষ্ণুপুৰৰ বিষপানী গাঁৱৰত শ্ৰীদাম মণ্ডলৰ ঘৰত বনৰীয়া হাতীয়ে আক্ৰমণ কৰি হত্যা কৰে লোকজনক । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় শ্ৰীদাম মণ্ডল নামৰ লোকজন ৷
বন্যহস্তীক ভেটিবলৈ বন বিভাগে যিদৰে ব্যৱস্থা ল’ব লাগিছিল সেইদৰে কোনো ব্যৱস্থা নোলোৱাৰ ফলতেই জিলাখনত বন্যহস্তীৰ আক্ৰমণত মানুহৰ ঘৰৰ লগতে খেতিপথাৰ ধ্বংশ হোৱাৰ ওপৰিও প্ৰতিবছৰেই বহু লোকৰ মৃত্যু হয় বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে । বিশেষকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীক ৰোধিবলৈ কোনো ধৰণৰ ফেন্সিং বা প্ৰতিৰোধৰ ব্যৱস্থাই নাই । স্থানীয় ৰাইজে শ্ৰীদাম মণ্ডলৰ মৃত্যুক লৈ প্ৰতিবাদ কৰা সাব্যস্ত কৰাৰ লগতে বিজেপি চৰকাৰ হায় হায় , বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য মুৰ্দাবাদ ধনি দি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । অতি শীঘ্ৰেই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ ।
ঘটনা সন্দৰ্ভত বিষপানী গাওঁবাসীয়ে অতি সোনকালে শ্ৰীদাম মণ্ডলৰ দৰিদ্ৰ পৰিয়ালটোক ১০ লাখ টকাৰ এক কালিন আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনায় । প্ৰতি বছৰে বন্যহস্তীৰ আক্ৰমণত বহু মানুহ নিহত হৈ অহাৰ পিচতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোক ক্ষুব্ধ হৈ পৰা দেখা যায় ।
লগতে পঢ়ক : ড্ৰাগছ আসক্ত পুত্ৰই হত্যা কৰিলে পিতৃক