ETV Bharat / state

চিৰাঙত চলন্ত গাড়ীত নাবালিকাক ধৰ্ষণঃ দোষীক শাস্তিৰ দাৱীত দল-সংগঠনৰ প্ৰতিবাদ - চিৰাঙত পুনৰ নাবালিকা ধৰ্ষণ

চিৰাঙত সংঘটিত হৈছে নাবালিকা ধৰ্ষণৰ কাণ্ড ৷ স্বাধীনতা দিৱসৰ নিশা দুই যুৱকে বলেৰো গাড়ীত উঠাই নি ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ ৷

চিৰাঙত পুনৰ নাবালিকা ধৰ্ষণ : অভিযুক্ত দুই যুৱক
author img

By

Published : Aug 17, 2019, 10:45 PM IST

চিৰাং, 17 আগষ্ট : চিৰাঙত পুনৰ পোহৰলৈ আহিছে নাবালিকা ধৰ্ষণৰ জঘন্য কাণ্ড । জিলাখনৰ সদৰ কাজলগাঁৱত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক বলপূৰ্বকভাৱে দুই যুৱকে ঘৰৰ সন্মুখৰ পৰা মুখত সোপা দি বলেৰো গাড়ীত উঠাই নিয়ে ৷ স্বাধীনতা দিৱসৰ নিশা 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰতালোৱাৰ উৰনীয়া সেঁতুৰ ওপৰত এই জঘন্য কাণ্ড সংঘটিত কৰে দুই অভিযুক্তই । কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি কিশোৰীগৰাকীয়ে যুৱকৰ ওচৰৰ পৰা পলাই হাৰিবলৈ সক্ষম হয় ৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে পলায়ন কৰাৰ সময়তে কিশোৰী গৰাকীক বৈখুনগাঁওৰ এজন বয়োজ্যেষ্ঠ লোকে উদ্ধাৰ কৰি ঢালিগাঁও আৰক্ষী থানাত গতাই দিয়ে । পিতৃৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে ৷

চিৰাঙত পুনৰ নাবালিকা ধৰ্ষণ

ভাৰতীয় দণ্ডবিধিৰ ধাৰা 176 (বি) আৰু নাবালিকা ধৰ্ষণ প্ৰতিৰোধী আইন (POCSO) অনুসৰি ঢালিগাঁও আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে । ধৰ্ষণকাৰী যুৱক দুজনক তেওঁ চিনি পাই যদিও তেওঁলোকৰ নাম নাজানে বুলি স্বীকাৰোক্তিত প্ৰকাশ কৰে কিশোৰী গৰাকীয়ে । আনহাতে, সমগ্ৰ ঘটনাৰ পাছতে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ।

এই জঘন্য কাণ্ডৰ পাছতে চিৰাঙৰ বিভিন্ন দল - সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ চিৰাং জিলা সমিতি নিখিল বড়ো ছাত্ৰ সন্থাৰ (এবছু) সভাপতি খনিন্দ্ৰ বড়োয়ে মন্তব্য কৰে যে, যোৱা মাৰ্চ মাহৰ পৰা বৰ্তমানলৈকে চিৰাঙত কেইবাটাও নাবালিকা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে । এই ক্ষেত্ৰত আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি আহিছে বুলি প্ৰকাশ কৰে বড়োয়ে । অতিশীঘ্ৰেই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাই এবছুৰ নেতাজনে । একেদৰে ধৰ্ষিতা গৰাকীৰ স্বাস্থ্যৰ বুজ লৈ বিটিচিৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ এম চি এল এ ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে, আৰক্ষী তথা জিলা প্ৰশাসনে এনে ঘটনাৰ তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে ।

Intro:চিৰাঙত পুনৰ পোহৰলৈ নাবালিকা ধৰ্ষনৰ জঘন্য ঘটনা। স্বাধীনতা দিৱসৰ দিনাই দুই যুৱকে বলপুৰ্ব্বক ধৰ্ষন কৰে নাবালিকাক । 

Body: চিৰাঙত পুনৰ পোহৰলৈ আহিছে নাবালিকা ধৰ্ষনৰ দৰে জঘন্য ঘটনা । জিলা সদৰ কাজলগাঁওত সংঘটিত হৈছে সভ্য সমাজক লজ্জ্যানত কৰাৰ দৰে এই  ঘটনা । এগৰাকি ষষ্ট শ্ৰেণীৰ ছাত্ৰীক বলপুৰ্ব্বক ভাৱে ঘৰৰ সন্মুখৰ পৰা মুখত সোপা দি বগা ৰঙৰ বলেৰো গাড়ীৰে উঠাই লয় দুই দুৰবিত্তই । স্বাধীনতা দিৱসৰ দিনা নিশা সংঘটিত হৈছে এই ঘটনা । ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ বৰতালোৱাৰ উৰনীয়া সেতুৰ ওপৰত বলেৰো গাড়ীৰ মাজতেই দুই পাষণ্ডই বলপুৰ্বক ধৰ্ষন কৰে কিশোৰিজনীক । নিশা সংঘটিত হোৱা এই ঘটনাত কিশোৰী জনীয়ে কোনোমতে জীৱন ৰক্ষা কৰি বলেৰোৰ পৰা নামি দৌৰি পলায়ন কৰে । ৰাষ্ট্ৰীয় ঘাই পথেৰে কান্দি কান্দি দৌৰি পলায়ন কৰা কিশোৰিজনীক ৰক্ষা কৰে বৈখুনগাঁওৰ এজন বয়জেষ্ট লোকে । তাৰ পিচত  ঢালিগাঁও থানাৰ আৰক্ষীক গতাই দিয়ে কিশোৰীজনীক । ইতিমধ্যে আৰক্ষীয়ে কিশোৰী জনীৰ স্বাস্থ্য পৰিক্ষা কৰাইছে পিতৃৰ এজাহাৰৰ ভিত্তিত । ঢালিগাঁও থানাত ১৭৪/১৯ নং গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৭৬(বি) আৰু নাবালিকা ধৰ্ষন প্ৰতিৰোধী আইন (পকচো)মতে । ধৰ্ষিতা নাবালিকাৰ স্বিকাৰোক্তি মতে ধৰ্ষনকাৰী যুৱকক চিনি পায় যদিও নাম নাজানে । আৰক্ষীয়ে এই বিষয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জনায় চিৰাং  জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে ।

বাইট : লগো থকাটো এবছুৰ চিৰাং জিলা সভাপতি খনিন বসুমতাৰী ।
লগো নথকাটো এমচিএলএ ৰণগৌৰা নাৰ্জাৰী ।

Conclusion:ইপিনে এই ঘটনা সন্দৰ্ভত চিৰাং জিলা সমিতি নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ সভাপতি খনিন্দ্ৰ বড়োয়ে কয় যে চিৰাং জিলাত যোৱা মাৰ্চ মাহৰ পিচত এতিয়ালৈ কেবাটাও নাবালিকা ধৰ্ষনৰ ঘটনা সংঘটিত হৈছে । এই ক্ষেত্ৰত আৰক্ষীয়ে বিশেষ কোনো ভূমিকা লোৱা পৰিলক্ষিত হোৱা নাই । এই ধৰ্ষনৰ ক্ষেত্ৰতো আৰক্ষীয়ে যি ধৰনে গুৰুত্ব প্ৰদান কৰিব লাহিছিল সেই ধৰনে তৎপৰতা দেখিবলৈ পোৱা নাই । অতিশীঘ্ৰেই ধৰ্ষনকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমুলক শাস্থিৰ দাবী জনায় এবছু নেতা জনে । একেদৰে ধৰ্ষিতা বাবালিকাৰ বুজ লৈ বিটিচিৰ কাজলগাঁও পৰিষদীয় সমষ্টীৰ এম চি এল এ ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে আৰক্ষী তথা জিলা প্ৰশাসনে এই ধৰনৰ নাবালিকা ধৰ্ষনৰ ঘটনা সমুহ তদন্ত মৰ্মে দৃষ্টান্তমুলক শাস্থীৰ দাবী জনায় । অন্যথা ধৰ্ষনকাৰী সকলে অধিক ধৰ্ষন কৰিবলৈ অনুপ্ৰানিত হয় । গতিকে এই নাবালিকা ধৰ্ষনকাণ্ডৰ দোষীক গ্ৰেপ্তাৰ কৰি উচিত শাস্থীৰ দাবী জনায় । মুঠতে সৰ্ব্বত্ৰে এই নাবালিকা ধৰ্ষনকাণ্ডৰ সঠিক তদন্ত আৰু দোষীৰ শাস্থীৰ দাবী উত্থাপন হৈছে । লক্ষ্যনীয় হব আৰক্ষীয়ে কিমান সোনকালে দোষিক গ্ৰেপ্তাৰ কৰি শাস্থিৰ ব্যৱস্থা কৰে সেয়াহে । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.