চিৰাং, 28 জুলাইঃ বঙাইগাঁৱৰ ভাদ্ৰাগাঁৱত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে । 'কা' আন্দোলনত জড়িত থকাৰ অভিযোগত দীৰ্ঘ দিন ধৰি কৃষক নেতা অখিল গগৈকে ধৰি কেইবাজনো নেতাক চৰকাৰে ইটোৰ পিছত সিটো ভুৱা গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে ৷ কাৰাবন্দী কৃষক নেতা কেইজনৰ মুকলিৰ দাবীত ইতিমধ্যে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
ঠিক একেদৰে মঙলবাৰে বঙাইগাঁৱৰ ভাদ্ৰাগাঁৱত কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ লগতে সকলো কাৰাবন্দী নেতাৰ মুক্তিৰ দাবীত আৰু "কা" বিৰোধীতাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷ সংগঠনটোৰ কাকৰাগাঁও আঞ্চলিক সমিতিৰ সহযোগত আয়োজিত এই মানৱ শৃংখল কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সংগঠনটোৰ জিলা সভাপতি মহিধৰ ৰায়ে কয় যে, চৰকাৰে 'কা' বাতিল নকৰালৈ আৰু অখিল গগৈক মুক্তি নিদিয়ালৈ তেওঁলোক ক্ষান্ত নহয় ৷ যদি অতি শীঘ্ৰে কাৰাবন্দী নেতা সকলক চৰকাৰ প্ৰশাসনে মুকলি কৰি নিদিয়ে, তেতিয়া হ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক- অখিল গগৈৰ মুক্তিৰ দাবীত বিলাসীপাৰাত উত্তাল প্ৰতিবাদ