চিৰাং,7 ডিচেম্বৰ : সোমবাৰে অনুষ্ঠিত বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছতে হাগ্ৰামা মহিলাৰীৰ মন্তব্য ৷ বিটিচিত কি হৈছে কি হোৱা নাই সেয়া বিটিচি বাসীয়ে জানে, ১৫ বছৰৰ আগত কি আছিল আৰু এতিয়া কি হৈছে সেয়া বিটিচিবাসীয়ে ক'ব ৷ মুঠতে বিটিচিত চৰকাৰ বিপিএফৰে হ'ব ৷
বাক্সা আৰু ওদালগুৰিত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছতে চিৰাঙৰ নাঙল ভাঙাৰ সভাত অংশ গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ কথা কোনোবাই শুনে নেকি ? ৰঞ্জিত দাসৰ কথাৰ কোনো ভ্যেলু নাই ৷ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত কোনো ৰিগিং হোৱাৰ তথ্য পোৱা নাই যদিও কোনো ঠাইত ৰিগিং হ'লে পুনৰ ভোটগ্ৰহণৰ দাবী জনোৱাৰ কথা উল্লেখ কৰে হাগ্ৰামাই।
ইফালে, চিৰাঙৰ নাঙল ভাঙাৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত বিপিএফৰ জন সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে, মন্ত্ৰী হিমন্তই দিনে নিশাই প্ৰচাৰ চলাইয়ো বিফল হ'ল। বিটিচিত কেৱল বিপিএফ দলেহে বৃহৎ জয়লাভ কৰিব ৷
লগতে পঢ়ক:বিটিচি নিৰ্বাচন : বিজেপিৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ হাগ্ৰামাৰ