ETV Bharat / state

চিৰাঙত বান পৰিস্থিতিৰ অধিক অৱনতি - বান পৰিস্থিতি

চিৰাঙত ভয়ানক ভাৱে বৃদ্ধি পাইছে আই নদীৰ পানী । নিশা কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থা ।

author img

By

Published : Jul 12, 2020, 5:03 AM IST

চিৰাং, 11 জুলাই : চিৰাঙত পুনৰ বৃদ্ধি পাইছে আই,মাক্ৰা,নাঙল ভাঙা নদীৰ জলপৃষ্ঠ । যাৰ ফলত অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি । সম্পূৰ্ণৰূপে যোগাযোগ ব্যাহত হৈ পৰিছে বহুকেইটা অঞ্চলত । আৰক্ষীয়ে টহল দি আছে সমগ্ৰ অঞ্চল । কেইবাখনো গাঁৱৰ মাজত পানী সোমোৱাত পৰিস্থিতি অধিক অৱনতি ঘটা পৰিলক্ষিত হৈছে । নিশা উদ্ধাৰ অভিযান সম্ভৱ নোহোৱাৰ ফলত পুৱাহে চলোৱা হ'ব উদ্ধাৰ অভিযান ।

flood
বন্যাৰ্থৰ হাহাকাৰ

এক ভয়ানক পৰিস্থিতিৰ কথা জনালে স্থানীয় লোক তথা আৰক্ষীৰ বিষয়াই । দিনৰ ভাগত মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু জিলা প্ৰশাসনৰ লোকে বান পৰিস্থিতিৰ বুজ লৈছিল । কিন্ত সন্ধিয়াৰ পৰা তিনিওখন নদীৰ পানী হঠাতে বৃদ্ধি পোৱাত পৰিস্থিতিৰ অধিক অৱনতি ঘটে । অৱশ্য়ে এছ ডি আৰ এফ বাহিনীয়ে পাৰ্যমানে উদ্ধাৰৰ চেষ্টা চলাইছে বন্যাৰ্তক ৷

চিৰাঙত বান পৰিস্থিতিৰ অধিক অৱনতি

লগতে পঢ়ক : অখিল গগৈঃ দুটা দশকৰ সংগ্ৰামী যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.