চিৰাং,7 মে'ঃ চিৰাং জিলাৰ বিজনীৰ আমগুৰি ৩নং ৱাৰ্ডত অঘটন। মদপী পিতৃয়ে জ্বলাই দিলে পুত্ৰৰ বাসগৃহ। প্ৰত্যেক দিনেই পিতৃ মনিৰাম বণিক্যই মদ্যপান কৰি আহি অশান্তিৰ সৃষ্টি কৰে নিজ গৃহত। মনিৰাম বণিক্যৰ মুখৰ অশ্লীল ভাষাৰ বাবে অতিষ্ঠ হৈ পৰিছে পৰিয়ালৰ লগতে উক্ত অঞ্চলবাসী ।
বৃহস্পতিবাৰে পুৱা প্ৰায় ৮:৩০ বজাত মদপী পিতৃ মনিৰাম বণিক্যই মদ্যপান কৰি আহি পুত্ৰ নৱজ্যোতি বণিক্যৰ বাসগৃহত কেৰাচিন ঢালি জ্বলাই দিয়ে। ওচৰ চুবৰীয়াই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, ৰাতিপুৱাৰে পৰা ২ বটল কেৰাচিন লৈ পুত্ৰৰ বাসগৃহৰ ওচৰত ঘূৰি ফুৰা পৰিলক্ষিত হৈছিল মনিৰাম বণিক্যক । পিতৃয়ে লগাই দিয়া জুইৰ ফলত নৱজ্যোতি বণিক্যৰ ঘৰ জ্বলি ছাৰখাৰ হয় ৷ লগতে বহু লাগতিয়াল নথিপত্ৰ নষ্ট হয় অগ্নিকাণ্ডত। তাৰ পিচতে স্থানীয় লোকৰ সহযোগত পুত্ৰই মনিৰাম বণিক্যক গছত বান্ধি বিজনী থানাৰ আৰক্ষীৰ ওচৰত পিতৃৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । লক্ ডাউনৰ মাজতো সদায় মদ্যপান কৰি আহি ঘৰত উশৃংখল পৰিৱেশৰ সৃষ্টি কৰে পিতৃয়ে ৷ দিনৰ দিনটো কোনো ধৰণৰ কাম কাজ নকৰি পুত্ৰৰ পৰা টকালৈ মদ্যপান কৰাৰ লগতে জুৱা খেলে মণিৰাম বণিক্যই। অৱশেষত বৃহস্পতিবাৰে উপায়ন্তৰ হৈ পুত্ৰই ৰাইজৰ সহযোগত পিতৃক চমজাই দিয়ে আৰক্ষীক ৷