ETV Bharat / state

বিটিচি নিৰ্বাচনঃ চিৰাঙত দুই তৰপীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হ'ব নিৰ্বাচন - সংবাদমাধ্যম

সমাগত বিটিচি নিৰ্বাচন ৷ নিৰ্বাচনক লৈ প্ৰায় প্ৰস্তুতি সমাপ্ত প্ৰশাসনৰ ৷ চিৰাঙত দুই তপৰীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে অনুষ্ঠিত হ'ব নিৰ্বাচন ৷

elections-to-be-held-between-two-security-guards-in-chirang
চিৰাঙত দুই তৰপীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হ'ব নিৰ্বাচন
author img

By

Published : Dec 2, 2020, 10:05 PM IST

Updated : Dec 3, 2020, 10:04 AM IST

চিৰাং, 2 ডিচেম্বৰ : বিটিচি নিৰ্বাচনৰ বাবে চিৰাং জিলাৰ তিনিটা পৰিষদীয় সমষ্টিৰ 228 টা ভোটগ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি উল্লেখ কৰি দুই তৰপীয়া নিৰাপত্তাৰ মাজেৰে নিৰ্বাচন সম্পন্ন হ'ব বুলি উল্লেখ কৰে জিলা উপায়ুক্ত তথা জিলা ৰিটাৰ্ণিং বিষয়া গৌতম তালুকদাৰে ৷

চিৰাঙৰ উপায়ুক্ত গৰাকীৰ মন্তব্য

বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক জনাই যে, চিৰাং জিলাত 13 নং চিৰাং, 14 নং চিৰাং দুৱাৰ আৰু 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিত আগন্তক 10 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । একেদৰে বিজনী মহকুমাত বিজনী জিলা নিৰ্বাচনী বিষয়া তথা বিজনী জিলা ৰিটাৰ্ণিং বিষয়া হিচাপে আছে বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজোতি দাস । বিষয়াগৰাকীয়ে জনাই যে, ইতিমধ্যে নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সমাপ্ত কৰা হৈছে ৷ সকলো কৰ্মচাৰীক প্ৰশিক্ষণপ্ৰাপ্ত কৰা বুলিও জনায় বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : গাঁৱে গাঁৱে চাইকেল চলাই গ্ৰামোন্নয়নৰ সজাগতা পেৰাচাইক্লিষ্ট ৰাকেশৰ

আনহাতে, জিলাখনৰ তিনিওটা সমষ্টিৰ 228 টা ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰি সকলো ভোট গ্ৰহণ কেন্দ্ৰত দুই তৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব বুলি উল্লেখ কৰে ৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত নিৰাপত্তাৰক্ষী বাহিনী নিয়োগ কৰাৰ কথাও জনাই ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে । আনকি, ভাৰতৰ অন্য ৰাজ্যৰ পৰাও নিৰাপত্তাৰক্ষী আনি মোতায়ন কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ৷

উল্লেখ্য যে, মঙলবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ সৈতে জিলা প্ৰশাসনৰ এখন উচ্চস্তৰীয় সভাও অনুষ্ঠিত হৈ যায় ৷

লগতে পঢ়ক : ফিল'বাৰীত ৰাস মহোৎসৱত মঞ্চস্থ কংস বধ নাট

Last Updated : Dec 3, 2020, 10:04 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.