নিউজ ডেস্ক, চিৰাং , 18 মাৰ্চ: চিৰাং জিলাৰ বিজনীৰ বড়োবাজাৰ,অক্সিগুৰি,কুকলুং পথৰ শোচনীয় অৱস্থা । হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ ফোপোলা স্বৰূপ এয়া৷ দীৰ্ঘদিনৰ পৰা এই পথচোৱাৰ এনে অৱস্থা ৷ স্থানীয় লোকে জনোৱা মতে বিজনী সমষ্ঠীৰ বিধায়ক কমল সিং নাৰ্জাৰীক জনোৱাৰ লগতে কোকৰাঝাৰ লোকসভা সভা সমষ্ঠীৰ সাংসদ নৱ শৰনীয়াৰ সৈতে যোগাযোগ কৰিও কোনো ফলাফল লাভ নকৰিলে ।
এই দুৰৱস্থাৰ মাজতেই যাতায়াত কৰিব লগীয়া হৈছে বৃহৎ অঞ্চলটোৰ ব্যৱসায়ী, চাকৰিয়াল, ছাত্ৰ-ছাত্ৰীয়ে ৷ বাৰিষাৰ বতৰত অধিক শোচনীয় অৱস্থাৰ সৃষ্টী হৈ প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হয় । জিলাখনৰ বৃহৎ সংখ্যক লোকে নিতৌ যাতায়াত কৰে এই পথেৰে । তৎস্বত্তেও কোনো গুৰুত্ব নাই বিটিচি প্ৰশাসনৰ, অসম চৰকাৰৰ ।