ETV Bharat / state

বিটিচিৰ সংখ্যালঘু এলেকাত উন্নয়ন নোহোৱাৰ অভিযোগ - বিটিচি উন্নয়ন

হাগ্ৰামা মহিলাৰীয়ে যিমানেই উন্নয়নৰ ঢাক-ঢোল বজাই নাথাকক কিয় এখনৰ পিছত আনখন উন্নয়নৰ পঁয়ালগা ছবি পোহৰলৈ আহিছে ৷ জানিব পৰা মতে,যোৱা 17টা বছৰেই উন্নয়নৰ মুখ দেখা নাপালে চিৰাঙৰ ৰৌমাৰী ভিচিডিচিৰ অন্তৰ্গত বৃহত্তৰ গেদা বজাৰ অঞ্চলৰ ৰাইজে ৷ কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত ভুৱা প্ৰতিশ্ৰুতি দি ভোট হস্তগত কৰি জয়ী হোৱাৰ পিছত পাহৰি যায় অঞ্চলটোৰ ৰাইজক ৷

Complain for negligence in development at the minority area of BTC
বিটিচিৰ সংখ্যালঘু এলেকাত উন্নয়ন নোহোৱাৰ অভিযোগ
author img

By

Published : Jun 19, 2020, 5:12 PM IST

চিৰাং,19 জুনঃ পুনৰ পোহৰলৈ আহিছে ১৭ বছৰীয়া হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন মডেল বিটিচি উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ হাগ্ৰামা মহিলাৰীয়ে যিমানেই উন্নয়নৰ ঢাক-ঢোল বজাই নাথাকক কিয় এখনৰ পিছত আনখন উন্নয়নৰ পঁয়ালগা ছবি পোহৰলৈ আহিছে ৷ জানিব পৰা মতে,যোৱা 17টা বছৰেই উন্নয়নৰ মুখ দেখা নাপালে চিৰাঙৰ ৰৌমাৰী ভিচিডিচিৰ অন্তৰ্গত বৃহত্তৰ গেদা বজাৰ অঞ্চলৰ ৰাইজে ৷

Complain for negligence in development at the minority area of BTC
বিটিচিৰ সংখ্যালঘু এলেকাত উন্নয়ন নোহোৱাৰ অভিযোগ

কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত ভুৱা প্ৰতিশ্ৰুতি দি ভোট হস্তগত কৰি জয়ী হোৱাৰ পিছত পাহৰি যায় অঞ্চলটোৰ ৰাইজক ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ অঞ্চলটোত আজি পৰ্যন্ত যাতায়তৰ বাবে নহ'ল কোনোধৰণৰ সুচল ব্যৱস্থা ৷ পথৰ কথাটো বাদেই অঞ্চলটোত নাই এখন উপযুক্ত দলং ৷ এই সন্দৰ্ভত অঞ্চলটোৰ পৰিস্থিতি বুজ ল'বলৈ শুকুৰবাৰে উপস্থিত হ'ল এবিএমছুৰ চিৰাং জিলা সমিতিৰ কেবাজনো বিষয়ববীয়া ৷ জিলা সভাপতি আবু জুবায়েৰ মণ্ডলে সাংবাদিকৰ আগত ক্ষোভ উজাৰি মন্তব্য কৰে যে,সংখ্যালঘু অধ্যুষিত অঞ্চলটোত এইবাৰ প্ৰতিটো ৰাজনৈতিক দলেই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব ৷

ইপিনে,সঁজাতি দলটোৱে অঞ্চলটো ভ্ৰমণ কৰি সাধাৰণ লোকৰ যাতায়ত ব্যৱস্থা,বিদ্যালয় তথা অন্যান্য দিশসমূহৰো বুজ লয় ৷ আনহাতে,বিটিচিত প্ৰতিটো ৰাজনৈতিক দলেই সংখ্যালঘু সকলক লৈ ৰাজনৈতিক মুনাফা লাভৰ বাবে ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰো অভিযোগ কৰে সংগঠনটোৱে ৷

লগতে পঢ়কঃ বানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.