ETV Bharat / state

ঠায়ে ঠায়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ইউপিপিএলৰ নেতা-কৰ্মী

author img

By

Published : Sep 9, 2020, 7:15 PM IST

চিৰাঙত চলিছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ গৰম বতাহ ৷ প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধি নিৰ্বাচনত জয়ী হোৱাৰ ৰণকৌশল প্ৰস্তুত কৰিছে । বুধবাৰে 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ তিনি পৃথক ঠাইত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে ইউপিপিএল দলে ৷

Chirang UPPL election campaign assam etv bharat news
নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ইউপিপিএল

চিৰাং,9 ছেপ্তেম্বৰ: চিৰাঙত উজান উঠিছে নিৰ্বাচনী সভাৰ ৷ বুধবাৰৰ দিনটোত জিলাখনৰ কেইবাটাও পৃথক স্থানত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে অন্যতম ৰাজনৈতিক দল ইউপিপিএলে ৷ জিলাখনৰ ভিৰানগাঁওত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ইউপিপিএলৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে ৷

চলিত বৰ্ষৰ অক্টোবৰ মাহত বিটিচি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ সেয়ে নিৰ্বাচনী যুঁজলৈ সাজু হৈছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ চিৰাং জিলাৰ অন্তৰ্গত বিটিচিৰ পৰিষদীয় 15নং কাজলগাঁও সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে তিনিখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰে ৷ উক্ত সভাত উপস্থিত থাকি ইউপিপিএলৰ উপ-সভাপতি তথা সমষ্টিটোৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে,বিগত 17 বছৰে বিটিচিত শাসন চলোৱা বিপিএফৰ প্ৰতাৰণাৰ এক যুগৰ পৰা পৰিত্ৰাণ বিচাৰি পৰিৱৰ্তনৰ বাবে আজি লাখ লাখ লোক ওলাই আহিছে বুলি মন্তব্য প্ৰকাশ কৰে ৷

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ইউপিপিএল

বিগত নিৰ্বাচনত ইউপিপিএলে চিৰাং জিলাৰ 7 টা পৰিষদীয় সমষ্টিৰ চাৰিখনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছিল । এইবাৰো অতি কমেও দলটোৱে পাঁচখন আসন দখলৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ তদুপৰি বিগত নিৰ্বাচনত চিৰাঙৰ পৰা মাত্ৰ এখন আসন লাভ কৰা বিপিএফ দলে এইবেলি নিৰ্বাচনত কিমান আসন দখল কৰিবলৈ সক্ষম হয় সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে চাওকঃ আছুৱে আবদ্ধ কৰিলে নদীবান্ধ নিৰ্মাণৰ সামগ্ৰী কঢ়িওৱা বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.