ETV Bharat / state

‘ৰাষ্ট্ৰীয় শিক্ষা নীতি 2019’ৰ বিৰুদ্ধে এছ এফ আইৰ প্ৰতিবাদ - INDIAN GOVT

2 জুনত ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰিছিল ৰাষ্ট্ৰীয় শিক্ষা নীতি 2019ৰ এক খচৰা ৷ এই খচৰা সম্পৰ্কে ৰাইজৰ পৰা ৩০ জুনৰ ভিতৰত মতামত বিচৰা হৈছে । ৪৭৮ পৃষ্ঠাৰ বৃহৎ খচৰা শিক্ষা নীতিৰ ওপৰত মতামত দিয়াৰ বাবে মাত্ৰ কেইটা মান দিন হে বান্ধি দিয়াক লৈ ৰাজ্যজুৰি এছ এফ আইৰ প্ৰতিবাদ ৷

‘ৰাষ্ট্ৰীয় শিক্ষা নীতি 2019’ৰ বিৰুদ্ধে এছ এফ আইৰ প্ৰতিবাদ
author img

By

Published : Jun 26, 2019, 7:05 AM IST

চিৰাং, 26 জুনঃ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰিছিল ৰাষ্ট্ৰীয় শিক্ষা নীতি 2019 ৰ খচৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে ছাত্ৰ সংগঠন এচ এফ আই ৷ সংগঠনটোৰ অভিযোগ এই শিক্ষানীতিয়ে অতি কৌশলৰে শিক্ষাৰ ব্যক্তিগতকৰণ আৰু বাণিজ্যিকৰণ দ্ৰুতগতিত নিয়াৰ এক অভিসন্ধি গঢ়িছে ।

খচৰাত বিদ্যালয় পৰ্যায়ৰ পৰা উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহলৈ ইয়াৰ প্ৰভাৱ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে । ব্যক্তিগত বিদ্যালয়সমূহত আৰু ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহত একেধৰণৰ নীতি প্ৰয়োগ হ'ব বুলি উল্লেখ আছে । ব্যক্তিগত বিদ্যালয়সমূহে নিজৰ মাচুল নিৰ্ধাৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীন হ'ব । যি সময়ত ব্যক্তিগত বিদ্যালয় সমূহক নাকী লগোৱাৰ বাবে বিভিন্ন ধৰণৰ আইন প্ৰণয়নৰ কথা উত্থাপিত হৈছিল সেই সময়তে ব্যক্তিগত বিদ্যালয়ক প্ৰদান কৰা এই স্বাধীনতা প্ৰদান কৰা ঘটনাই চৰকাৰৰ শিক্ষাৰ বাণিজ্যিকীকৰণক উৎসাহিত কৰা নীতি স্পষ্টকৈ উদঙাই দিছে ।

‘ৰাষ্ট্ৰীয় শিক্ষা নীতি 2019’ৰ বিৰুদ্ধে এছ এফ আইৰ প্ৰতিবাদ

ইপিনে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ স্বাধীন সংস্থা কিছুমানে নিয়ন্ত্ৰণ কৰিব যি সমূহৰ সম্পূৰ্ণ শৈক্ষিক আৰু প্ৰশাসনীয় স্বতন্ত্ৰতা থাকিব । বিশ্ববিদ্যালয় অনুদান আয়োগে কেৱল শৈক্ষিক বিষয়তহে নিৰ্দেশাৱলী ঠিক কৰাৰ সময়ত এই স্বাধীন সংস্থা সমূহৰ গঠন আৰু পৰিচালনাৰ প্ৰক্ৰিয়া সম্পৰ্কে বিভিন্ন প্ৰশ্নৰ অৱকাশ ঘটিছে ।

এই স্বাধীন সংস্থাসমূহ মন্ত্ৰালয়ৰ প্ৰত্যক্ষ নিযুক্তিৰে গঠিত হোৱাৰ যথেষ্ট থল আছে, তেনে হ'লে স্বতন্ত্ৰতাৰ নামত এক কেন্দ্ৰীভূত ব্যৱস্থাহে গঠন হ'ব । খচৰা খনৰ অনুসৰি ৰাষ্ট্ৰীয় গৱেষণা সংস্থা (National Research Foundation) নামৰ অনুষ্ঠানটিয়ে গৱেষণা কৰাৰ বাবে পুঁজি আদায় দিব । এই পুঁজি কেৱল ৰাজহুৱা উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহলৈ সীমিত নাথাকি ব্যক্তিগত উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈও ধার্য কৰা হ'ব । ইয়াৰ উপৰিও বিভিন্ন দিশ আছে এই খচৰা শিক্ষা নীতিত যি বিষয় সমূহৰ ওপৰত পৰ্যাপ্ত আলোচনা হোৱা উচিত । কাৰণ স্বাধীনতাৰ পাচত এয়া তৃতীয় বাৰৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰণয়ন হ’বলৈ গৈ আছে ।

ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ অংশীদাৰ অৰ্থাৎ ভাৰতবৰ্ষৰ নাগৰিকক ইয়াৰ ওপৰত মত পোষণ কৰাৰ বাবে প্ৰয়োজন সময় প্ৰদান কৰা উচিত । সেয়েহে ছাত্ৰ ফেডাৰেছনে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ক এই খচৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত মত পোষণ কৰাৰ সময়সীমা ৩০ জুনতকৈ বৃদ্ধি কৰাৰ বাবে দাবী জনায় ৷

এছ এফ আইৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিয়ে ২৫ জুন তাৰিখে এই শিক্ষানীতি দহন কৰি শিক্ষাৰ ব্যক্তিগতকৰণ, বাণিজ্যিকীকৰণ আৰু কেন্দ্ৰীয়কৰণৰ বিৰোধিতা কৰি ভাৰতৰ ছাত্ৰ ফেডাৰেচন বিজনী আঞ্চলিক কমিটিয়ে বিজনী বল্লমগুৰি বাছ আস্থানৰ ওচৰত এই খচৰা দহন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

Intro:২৫ জুনত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০১৯ৰ খচৰা দহনৰ আহ্বানত এছ এফ আইৰ প্ৰতিবাদ ।

Body:ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০১৯ৰ এক খচৰা ২ জুনত প্ৰকাশ কৰিছে । এই খচৰা সম্পৰ্কে ৰাইজৰ পৰা ৩০ জুনলৈ মতামত বিচৰা হৈছে । অতি পৰিতাপৰ বিষয় যে সুন্দৰকৈ প্ৰস্তুত কৰি উলিওৱা এই ৪৭৮ পৃষ্ঠাৰ বৃহৎ খচৰা শিক্ষা নীতিৰ ওপৰত মতামত দিয়াৰ বাবে মাত্ৰ কেইটিমান দিনৰ সময়সীমাহে দিয়া হৈছে ।

ছাত্ৰ সংগঠনএচ এফ আইয়ে কয় যে এই শিক্ষানীতিয়ে অতি কৌশলৰে শিক্ষাৰ ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণ দ্ৰুতগতিত আগবঢ়াই নিব । খচৰাত আমি বিদ্যালয় পৰ্যায়ৰ পৰা উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহলৈ ইয়াৰ প্ৰভাৱ স্পষ্টকৈ দেখিবলৈ পাইছোঁ। ব্যক্তিগত বিদ্যালয়সমূহত আৰু ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহত একেধৰণৰ নীতি প্ৰয়োগ হ'ব বুলি উল্লেখ আছে । ব্যক্তিগত বিদ্যালয়সমূহে নিজৰ মাচুল নিৰ্ধাৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীন হ'ব । যিসময়ত ব্যক্তিগত বিদ্যালয়সমূহ নাকী লগোৱাৰ বাবে বিভিন্ন ধৰণৰ আইন প্ৰণয়নৰ কথা উত্থাপিত হৈছে, সেই সময়ত ব্যক্তিগত বিদ্যালয়ক প্ৰদান কৰা এই স্বাধীনতা চৰকাৰৰ শিক্ষাৰ বাণিজ্যিকীকৰণক উৎসাহিত কৰা নীতি স্পষ্টকৈ উদঙাই দিছে । ইয়াৰ উপৰি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ স্বাধীন সংস্থা কিছুমানে নিয়ন্ত্ৰণ কৰিব যিসমূহৰ সম্পূৰ্ণ শৈক্ষিক আৰু প্ৰশাসনীয় স্বতন্ত্ৰতা ( administrative autonomy) থাকিব । বিশ্ব বিদ্যালয় অনুদান আয়োগে কেৱল শৈক্ষিক বিষয়তহে নিৰ্দেশাৱলী ঠিক কৰাৰ সময়ত এই স্বাধীন সংস্থা সমূহৰ গঠন আৰু পৰিচালনাৰ প্ৰক্ৰিয়া সম্পৰ্কে বিভিন্ন প্ৰশ্নৰ অৱকাশ আছে । এই স্বাধীন সংস্থাসমূহ মন্ত্ৰালয়ৰ প্ৰত্যক্ষ নিযুক্তিৰে গঠিত হোৱাৰ যথেষ্ট থল আছে , তেনে হ'লে স্বতন্ত্ৰতাৰ নামত এক কেন্দ্ৰীভূত ব্যৱস্থাহে গঠন হ'ব । খচৰা খনৰ অনুসৰি ৰাষ্ট্ৰীয় গৱেষণা সংস্থা(National Research Foundation) নামৰ অনুষ্ঠানটিয়ে গৱেষণা কৰাৰ বাবে পুঁজি আদায় দিব । এই পুঁজি কেৱল ৰাজহুৱা উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহলৈ সীমিত নাথাকি ব্যক্তিগত উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈও ধার্য কৰা হ'ব ।

ইয়াৰ উপৰিও বিভিন্ন দিশ আছে এই খচৰা শিক্ষা নীতিত যি বিষয় সমূহৰ ওপৰত তুমুল আলোচনা হোৱা উচিত। কাৰণ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত এয়া তৃতীয় বাৰৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰণয়ন হবলৈ গৈ আছে । ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ অংশীদাৰ অৰ্থাৎ ভাৰতবৰ্ষৰ নাগৰিকক ইয়াৰ ওপৰত মত পোষণ বাবে প্ৰয়োজন সময় প্ৰদান কৰা উচিত । সেয়েহে আমি ভাৰতৰ ছাত্ৰ ফেডাৰেছনে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ক এই খচৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত মত পোষণ কৰাৰ সময়সীমা ৩০জুনত কৈ বৃদ্ধি কৰাৰ বাবে দাবী জনাইছে ।

বাইট এচ এফ আই কৰ্মি । Conclusion:এছ এফ আইৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিয়ে ২৫ জুন তাৰিখে এই শিক্ষানীতি দহন কৰি শিক্ষাৰ ব্যক্তিগতকৰণ, বাণিজ্যিকীকৰণ আৰু কেন্দ্ৰীয়কৰণ ৰ বিৰোধিতা কৰি ভাৰতৰ ছাত্ৰ ফেডাৰেচন বিজনী আঞ্চলিক কমিটিয়ে আজি বিজনী বল্লমগুৰি বাছ আস্থানৰ ওচৰত এই খচৰা দাহণ কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.