চিৰাং, 5 এপ্ৰিল : পথ লৈ উত্তাল চিৰাং জিলাৰ পদ্মপুৰ ৷ ঢালিগাঁও থানাৰ অন্তৰ্গত পদ্মপুৰস্থিত এটা পথকলৈ সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ৷ ১৫ নং বেটেলিয়ন এচ এচ বিৰ ছেক্টৰ হেড কোৱাৰ্টাৰ নিৰ্মাণৰ পূৰ্বে অঞ্চলটোৰ ৬ খন গাঁওৰ লোকে যাতায়াত কৰাৰ বাবে আছিল এটা পথ । বিটিচিয়ে এচ এচ বিক মাটি আৱন্টন দিয়াত চুক্তি হৈছিল গাঁওৰ লোকৰ যাতায়াতৰ সুবিধাৰ্থে পথচোৱা বন্ধ নকৰাৰ ৷
কিন্তু বৃহস্পতিবাৰে হঠাৎ এচ এচ বিয়ে উক্ত পথচোৱা বন্ধ কৰি দিয়াত শুকুৰবাৰে পথচোৱা মুকলি কৰি দিয়াৰ দাবীত গাঁওৰ পুৰুষ-মহিলাই প্ৰতিবাদ জনাই কাজলগাঁও-বেংতল সংযোগী পথচোৱা অৱৰোধ কৰি পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰায় দুঘন্টা সময় প্ৰতিবাদ কৰাৰ পিচতহে আৰক্ষী আৰু জিলা দণ্ডাধীশ উপস্থিত হৈ পথচোৱা মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাচতে পৰিস্থিতি শান্ত হয় ৷