ETV Bharat / state

অস্ত্ৰ এৰি মূল সূঁতিলৈ আহিব এনডিএফবি (এছ)

চৰকাৰৰ সৈতে হোৱা শান্তি চুক্তিৰ পিচতে সশস্ত্ৰ সংগঠনটোৰ সম্পাদক আৰু সভাপতি পৰিয়ালত এতিয়া আনন্দৰ ঢৌ ।

এন ডি এফ বি (এছ)
এন ডি এফ বি (এছ)
author img

By

Published : Jan 20, 2020, 5:14 PM IST

চিৰাং, 20 জানুৱাৰীঃ শোণিতপুৰ জিলাৰ গহপুৰৰ পৰা আহি চিৰাং জিলাৰ বেংতল কলেজত ইতিহাসৰ প্ৰৱক্তা হিচাবে যোগদান কৰিছিল ৰঞ্জিৎ বসুমতাৰীয়ে ৷ বসুমতাৰীৰ সৈতে আহিছিল পত্নী মনিকা বসুমতাৰী আৰু মাতৃ মাইনু বসুমতাৰী । তাৰ পাচতেই পৰিয়ালটোলৈ আৱিৰ্ভাৱ ঘটে পাঁচজনী জীয়ৰীৰ ৷ কিন্তু হঠাতেই 2013 চনত বেংতল কলেজ প্ৰাদেশীকিকৰণ হোৱাৰ আগে আগেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰা ৰঞ্জিৎ বসুমতাৰীয়ে শিক্ষাগত অৰ্হতাৰ নথিৰ প্ৰয়োজনত যাবলগীয়া হোৱা বুলি ওলাই যায় ঘৰৰ পৰা ৷

যি ওলাই গ’ল তাহানিও উভতি নাহিল ৰঞ্জিৎ বসুমতাৰী ৷ কিছু দিনৰ পিচত পোহৰলৈ আহিল এনডিএফবিত যোগদান কৰাৰ কথা ৷ তাতে বি আৰ ফেৰেংগা নামলৈ এনডিএফবি (এছ) ৰ সংগঠনটোৰ সম্পাদক হয় গৈ বসুমতাৰী । আনহাতে একেখন জিলাৰেই চিদলী থানাৰ অন্তৰ্গত বামুনগাঁৱৰ দত্তপুৰ ডাংসিবাৰীত এনডিএফবি(এছ) ৰ সভাপতি বি চাওৰাইগৌৰাৰ বাসগৃহ । সভাপতি বি চাওৰাইগৌৰাৰ পৰিয়ালত আছে পিতৃ জগৰ বসুমতাৰী আৰু মাতৃ ৰেবেকা বসুমতাৰীৰ সৈতে নাতি-নাতিনী আৰু পাঁচজন পুত্ৰ সন্তান আৰু তিনি জীয়ৰী ।

পাঁচ কিলোমিটাৰ নিলগে-নিলগে থকা দুয়ো উগ্ৰপন্থী সভাপতি আৰু সম্পাদকগৰাকীৰ পূৰ্বতে সম্পৰ্ক আছিল গুৰু-শিষ্যৰ দৰে ৷

পিতৃৰ ভাষ্য অনুসৰি ২০০৪-০৫ চনতেই বেংতল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল চাওৰাইগৌৰাই । শান্ত-শিষ্ট স্বভাৱৰ অমৰ বসুমতাৰী ওৰফে ছাইকঙ যোৱা ২০০৮ চনতেই হঠাৎ ঘৰৰ পৰা নিৰুদ্দেশ হয় । পিচলৈ এনডিএফবিত যোগদানৰ তথ্য লাভ কৰে পৰিয়ালটোৱে । ম্যানমাৰত আশ্ৰয় লৈ পিচলৈ উগ্ৰপন্থী সংগঠনটোৰ ছংবিজিত গোটৰ সভাপতি হিচাপে প্ৰতিষ্ঠা লাভ কৰে ছাইকঙে । উল্লেখ্য যে, সংগঠনটোৰ সম্পাদক বি আৰ ফেৰেংগা অৰ্থাৎ ৰঞ্জিৎ বসুমতাৰী যেতিয়া বেংতল কলেজত ইতিহাসৰ প্ৰৱক্তা আছিল তেতিয়াই তেওঁৰ ছাত্ৰ আছিল ছাইকং তথা বৰ্তমানৰ বি চাওৰাইগৌৰা ।

অস্ত্ৰ এৰি মূল সূঁতিলৈ আহিব এন ডি এফ বি (এছ)

এতিয়া শেহতীয়াকৈ চৰকাৰৰে হোৱা শান্তি চুক্তিৰ পিচতে দুয়োটা পৰিয়ালৰ লোকে পাইছে আশাৰ ৰেঙনি ৷ দীৰ্ঘ দিনৰ মুৰত ঘৰৰ ল’ৰা ঘৰলৈ ঘুৰি আহিব । পৰিয়াল তথা গাঁওবাসী মৃত বুলি ধৰি লোৱা অমৰ বসুমতাৰী এতিয়া চাওৰাইগৌৰা হৈ উভতিব ঘৰলৈ । অৱশ্যে এতিয়াও ঘৰলৈ ওভতি অহা নাই লোক কেইজন । হয়তো কিছু দিনৰ পিচতেই ঘৰলৈ ওভতি আহিব তাৰে আশাৰে বাট চাইছে পৰিয়ালৰ লোকে ।

Intro:এনডি এফ বি (ছা)ৰ শেষতীয়াকৈ চৰকাৰৰ সৈতে হোৱা শান্তি চুক্তিৰ পিচত সভাপতি আৰু সম্পাদকৰ পৰিয়ালৰ সৱিশেষ । দুয়োটা পৰিয়ালত দেখিবলৈ পোৱা গৈছে আশাৰ বতৰা,আনন্দিত পৰিয়ালৰ লোক।

Body:ফাইল ১ আৰু দুই লৈ :-

এয়া চিৰাং জিলাৰ ৰুনিখাতা থানাৰ অন্তৰ্গত বেংতলস্থিত এন ডি এফ বি (ছা)ৰ সাধাৰন সম্পাদক বি আৰ ফেৰেঙ্গাৰ ঘৰ আৰু পৰিয়ালৰ দৃশ্য । যদিও ঘৰৰ সকলো লোকক আমি পোৱা নাছিলো । শোনিতপুৰ জিলাৰ গহপুৰৰ পৰা আহি চিৰাং জিলাৰ বেংতল কলেজত ইতিহাসৰ প্ৰৱক্তা হিচাবে যোগদান কৰিছিল ৰঞ্জিত বসুমতাৰী নামৰ ব্যাক্তিজন । তেওঁৰ সৈতে আছিল পত্নি মনিকা বসুমতাৰী আৰু মাতৃ মাইনু বসুমতাৰী । পিচলৈ তেওঁলোকৰ পাঁচজনী জীয়ৰীৰ আৱিৰ্ভাৱ হয় পৰিয়ালটিত । হঠাতেই ২০১৩ চনত বেংতল কলেজ প্ৰাদেশীকধন হোৱাৰ আগে আগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰা ৰঞ্জিত বসুমতাৰীৰ শিক্ষাগত অৰ্হতাৰ নথীৰ প্ৰয়োজনত যাবলগীয়া হোৱা বুলি ওলাই যায় যদিও কিছু দিনৰ পিচত কথাটো পোহৰলৈ আহে যে এন ডি এফ বিত যোগদান কৰা বুলি । পিচলৈ বি আৰ ফেৰেঙ্গা নামলৈ সংগঠনটোৰ সম্পাদক হয় । ইতিমধ্যে এই বছৰ কেইটাত ফেৰেঙ্গাৰ পত্নি মনিকাই পাঁচজনী জীয়ৰি লৈ বেংতল জুনিয়ৰ কলেজত চকিদাৰ হিচাবে কাম কৰি পৰিয়াল চলাবলগীয়া হয় । এতিয়া তিনিজনী জীয়ৰিৰ বিয়া হৈছে আৰু দুজনী অবিবাহিত বিদ্যালয়ত পঢ়াশুনা কৰি আছে । শেষতীয়াকৈ উগ্ৰপন্থী সংগঠনটো চৰকাৰৰ সৈতে হোৱা শান্তিচুক্তিত আনন্দিত হৈছে পৰিয়ালৰ লোক । কাধন দীৰ্ঘদিনৰ মুৰত পৰিয়ালৰ লোকে সাক্ষাত পাব ।
ভিজুৱেলৰ সৈতে থকা বাইটটো মনিকা বসুমতাৰী ।

২নং ভিজুৱেলত মাতৃ মাইনু বসুমতাৰী আৰু ভতিজাকৰ বাইট ।

ভিজুৱেল ৩ ৰ পৰা ৮ লৈকে :-

জিলাখনৰ চিদলী থানাৰ অন্তৰ্গত বামুনগাঁওৰ দত্তপুৰ ডাংসিবাৰীত থকা এন ডি এফ বি(ছা)ৰ সভাপতি বি ছাউৰাইগ্ৰাৰ গৃহ । উগ্ৰপন্থি সংগঠনটোৰ সভাপতি সম্পাদক দুয়ো চিৰাং জিলাৰ আৰু দুয়োজনৰ সম্পৰ্ক গুৰু-শিষ্য হোৱাৰ লগতে ঘৰৰ দুৰত্ব মাত্ৰ পাঁচ কিলোমিটাৰ হে । সভাপতি বি ছাউৰাইগ্ৰাৰ পিতৃ জগৰ বসুমতাৰী আৰু মাতৃ ৰেবেকা বসুমতাৰীৰ সৈতে নাতী-নাতিনী আৰু পাঁচজন পুত্ৰ সন্তান আৰু তিনি জীয়ৰী । পিতৃয়ে জনায় যে বি ছাউৰাইগ্ৰা ২০০৪-০৫ চনত বেংতল কলেজৰ পৰা স্নাতক উত্তিৰ্ণ হয় । শান্ত শিষ্ট স্বভাৱৰ অমৰ বসুমতাৰী উৰফ ছাইকং নামৰ লৰাজনে যোৱা ২০০৮ চনত হঠাতেই ঘৰৰ পৰা নিৰুদ্দেশ হয় । পিচলৈ এন ডি এফ বিত যোগদানৰ তথ্য লাভ কৰে পৰিয়ালে । গৈ গৈ ম্যানমাৰত আশ্ৰয়।লয় আৰু পিচলৈ উগ্ৰপন্থী সংগঠনটোত ছংবিজিতৰ পিচতে সভাপতি হিচাবে প্ৰতিষ্টা লাভ কৰে । এন ডি এফ বি (ছা) সংগঠনটোৰ সম্পাদক বি আৰ ফেৰেঙ্গা যেতিয়া ৰঞ্জিত বসুমতাৰী হিচাবে বেংতল কলেজত ইতিহাসৰ প্ৰৱক্তা আছিল তেতিয়া তেওঁৰ ছাত্ৰ আছিল এই জন অমৰ বসুমতাৰী/ছাইকং তথা বৰ্তমানৰ বি ছাউৰাইগ্ৰা ।
শেষতীয়াকৈ চৰকাৰৰে হোৱা শান্তি চুক্তিৰ পিচত সভাপতি জনৰ পৰিয়াল আৰু গাঁওৰ পৰিৱেশ আনন্দিত । দীৰ্ঘ দিনৰ মুৰত ঘৰৰ লৰা ঘৰলৈ ঘুৰি আহিব । পৰিয়াল তথা গাঁওবাসী মৃত বুলি ধৰি লোৱা অমৰ বসুমতাৰী এতিয়া ছাউৰাইগ্ৰা হৈ ঘৰলৈ উভতিব ।

বাইট :-
ফাইল নং ৫ পিতৃ জগৰ বসুমতাৰী ।
ফাইল নং ৬ মাতৃ ৰেবেকা বসুমতাৰী।
ফাইল নং ৭ দাদা প্ৰমোদ বসুমতাৰী।
ফাইল নং ৮ গাঁওবাসী দাদা ।

Conclusion: মুঠতে উগ্ৰপন্থি সংগঠন এন ডি এফ বি (ছা)ৰ চৰকাৰৰে হোৱা শান্তিচুক্তিৰ পিচত পৰিয়ালৰ লোকে আশাৰ ৰেঙনি পাইছে । সংগঠনটোৰ সদস্য সকলে দীৰ্ঘদিনৰ মুৰত ঘৰলৈ ওভতি আহিব । পৰিয়ালত আনন্দ দেখিবলৈ পোৱা গৈছে । গুৰু-শিশ্যৰ সংগঠন এন ডি এফ বি (ছা) ছাত্ৰ বি ছাউৰাইগ্ৰা আৰু কলেজ শিক্ষক বি আৰ ফেৰেঙ্গাৰ লগতে অন্যান্য সদস্য সকলৰ পৰিয়ালতো আনন্দৰ বন্যা । কিন্ত এই সকল লোক এতিয়াও ঘৰলৈ ওভতি অহা নাই । হয়তো কিছু দিনৰ ভিতৰতে ঘৰলৈ ওভতি আহিব তাৰে বাট ছাই আছে পৰিয়ালৰ লোক ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.