ETV Bharat / state

চিৰাঙত বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণ এবছু-আক্ৰাছুৰ - assam news

বানপানীৰ সমস্যা সমাধানৰ জড়িয়তে অসম তথা চিৰাং জিলাবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে বুলিও মন্তব্য কৰে। লগতে গৰাখহনীয়াৰ সমস্যা সমাধানৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে

চিৰাঙত বন্যাৰ্তৰ মাজত সাহায্য বিতৰণ এবছ-আক্ৰাছুৰ
author img

By

Published : Jul 17, 2019, 10:55 AM IST

Updated : Jul 17, 2019, 11:55 AM IST

চিৰাং,17 জুলাইঃ চিৰাং জিলাৰ দেউশ্ৰিত থকা বানাক্ৰান্তৰ শিবিৰত সাহাৰ্য সামগ্ৰী বিতৰণ ৷ চিৰাং জিলাৰ এবছুৰ সভাপতি খনীন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত এক সজাতি দলে সাহাৰ্য সামগ্ৰী বিতৰণ কৰে। সদৌ চাওতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক ছলমন মুৰ্মুয়েও এবছুৰ দলটোৰ সৈতে শিবিৰটো ভ্ৰমণ কৰে। এবছুৰ চিৰাং জিলা সভাপতি জনে চৰকাৰৰ ওচৰত দাবী জনায় যে শীঘ্ৰেই বান সমস্যাৰ সমাধানৰ ব্যৱস্থা কৰিব লাগে। বানপানীৰ সমস্যা সমাধানৰ জড়িয়তে অসম তথা চিৰাং জিলাবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে বুলিও মন্তব্য কৰে। লগতে গৰাখহনীয়াৰ সমস্যা সমাধানৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে। প্ৰতিজন বন্যাৰ্তৰ এক কালিন আৰ্থিক সাহাৰ্যৰ দাবী জনায় লগতে সকলো বানপীড়িত লোকক এচ ডি আৰ এফ বা এন ডি আৰ এফ লগাই উদ্ধাৰ কৰাৰ সমান্তৰালকৈ পৰ্যাপ্ত সাহাৰ্য সামগ্ৰী বিতৰণ,চিকিৎসা সেৱা প্ৰদানৰ দাবী জনোৱাৰ লগতে এবছুৰ সভাপতি জনে এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি কয় যে নদী সমূহৰ যতে ত'তে মহল বনাই শিল বালি সংগ্ৰহ কৰা বন্ধ কৰিব লাগে।

চিৰাঙত বন্যাৰ্তৰ মাজত সাহাৰ্য্য বিতৰণ এবছ-আক্ৰাছুৰ

আনহাতে,16 জুলাইত ইটিভি ভাৰতত প্ৰচাৰিত বাতৰিৰ পাচতে চিৰাঙৰ ডাবাবিল গাঁৱত আক্ৰাছুৰ আহ্বানত এচ এচ বিৰ উদ্ধাৰকাৰী এটা দল উপস্থিত হয়।

Intro:চিৰাঙৰ বন্যাৰ্তলৈ জিলা এবছুৰ সাহাৰ্য্য সামগ্ৰী বিতৰণ । শিবিৰত চিকিৎসাৰ বাবে হাহাকাৰ বন্যাৰ্ত ।।

ডাবাবিল গাঁওত আক্ৰাছুয়ে এচ এচ বিক লগত লৈ উদ্ধাৰৰ বাবে উপস্থিত হয় । Body: চিৰাং জিলাত আজি অষ্টম দিনাও বন্যাৰ্তৰ সাহাৰ্য্যৰ বাবে হাহাকাৰ পৰিস্থিতি । জিলাখনৰ বিভিন্ন ঠাইত আজিও জিলা প্ৰশাসনে সাহাৰ্য্য সামগ্ৰী বিতৰন নকৰাৰ অভিযোগ উত্থাপন হৈছে । সৰ্ব্বত্ৰে বন্যাৰ্তৰ হাহাকাৰ অৱস্থা ।

চিৰাং জিলাৰ দেউশ্ৰিত থকা বানাক্ৰান্তৰ শিবিৰত চিৰাং জিলা এবছুৰ সভাপতি খনিন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত এক সজাতি দলে সাহাৰ্য্য সামগ্ৰী বিতৰন কৰে । সদৌ চাউতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সাধাৰন সম্পাদক ছলমন মুৰ্মুয়েও এবছুৰ দলটোৰ সৈতে শিবিৰটো ভ্ৰমন কৰে । এবছুৰ চিৰাং জিলা সভাপতি জনে চৰকাৰৰ ওচৰত দাবী জনায় যে অতিশীঘ্ৰেই বান সমস্যাৰ সমাধানৰ ব্যৱস্থা কৰিব লাগে । এই বানপানীৰ সমস্যা সমাধানৰ জড়িয়তে অসম তথা চিৰাং জিলা বাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে । গৰাখহনিয়াৰ সমস্যা সমাধানৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে । প্ৰতিজন বন্যাৰ্তৰ এক কালিন আৰ্থিক সাহাৰ্য্যৰ দাবী জনায় লগতে সকলো বানপানী পিড়িত লোকক এচ ডি আৰ এফ বা এন ডি আৰ এফ লগাই লগাই উদ্ধাৰ কৰাৰ সমান্তৰালকৈ পৰ্য্যাপ্ত সাহাৰ্য্য সামগ্ৰী বিতৰণ, চিকিৎসা সেৱা প্ৰদানৰ দাবী জনোৱাৰ লগতে এবছুৰ সভাপতি জনে এক গুৰুত্বপুৰ্ণ বিষয় উত্থাপন কৰি কয় যে নদী সমুহৰ যতে ততে মহল বনাই শিল বালি সংগ্ৰহ কৰা বন্ধ কৰিব লাগে । নদী সমুহৰ যতে ততে শিল বালি সংগ্ৰহৰ ফলত গৰাখহনীয়াৰ সমস্যা বৃদ্ধি পাইছে বুলিও দাবী কৰে । সকলো লোকক বন্যাৰ্তসকলক সাহাসাৰ্য্যৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনায় চিৰাং জিলা এবছুৰ সভাপতি খনিন্দ্ৰ বসুমতাৰীয়ে ।

একেদৰে ১৬ তাৰিখে ইটিভি ভাৰতত প্ৰকাশিত/প্ৰচাৰিত বাতৰিৰ পিচতে চিৰাং জিলাৰ ডাবাবিল গাঁওত আক্ৰাছুৰ আহ্বানত এচ এচ বিৰ উদ্ধাৰকাৰী দল এটা আজি উপস্থিত হয় । লগত আক্ৰাছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিৰন্য পাটগিৰি,চিৰাং জিলা সমিতিৰ সভাপতি প্ৰাঞ্জল চৌধুৰী সহ সজাতি দলে ভ্ৰমন কৰি পৰিস্থিতিৰ বুজ লয় । আজি আঠ দিনৰ পিচত এচ এচ বিৰ দলটোৱে গাঁওখনত প্ৰৱেশ কৰে যদিও কোনো সাহাৰ্য্য সামগ্ৰী প্ৰদান কৰিবলৈ নহয় উদ্ধাৰত সহায় কতিবলৈহে । আক্ৰাছুৰ নেতৃত্বই দাবী জনায় যে ডাবাবিল,মাদাৰপুৰ আদি গাঁওৰ লোকসকলে যোৱা আঠ দিনে বানপানীত আৱদ্ধ হৈ আছিল কিন্ত জিলা প্ৰশাসনে কোনো উদ্ধাৰ অভিযান বা সাহাৰ্য্য সমগ্ৰী প্ৰদান কৰা নাই বুলি অভিযোগ কৰে । অঞ্চলটোত থকা শিবিৰ সমুহৰ বহু কেইজন বেমাৰীয়ে ককবকাই আছে যদিও চিকিৎসাৰ কোনো ব্যৱস্থা নাই । জিলা প্ৰশাসনে বন্যাৰ্তৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় । আজি ডাবাবিল গাঁওৰ পৰা প্ৰায় ৩০ জন লোক ওলাই আহে সুবাইঝাৰলৈ । যিহেতু পনবন্দি অৱস্থাত আছিল সেয়ে আই নদীৰ পানী কমি যোৱাৰ সুবিধা গ্ৰহন কৰিয়ে আজি বহুলোক ওলাই আহে যিহেতু গাঁওখনত থকাৰ কোনো সুবিধাই নাই ।

বাইট : এবছু, ডাবাবিল গাঁওৰ বাসিন্দা । Conclusion: ইপিনে বিশেষ সুত্ৰে জানিব পৰা মতে চিৰাং জিলা প্ৰশাসনে এচ ডি আৰ এফ বা সামৰিক আৰু অৰ্ধসামৰিক বাহিনীক বন্যাৰ্তৰ উদ্ধাৰৰ বাবে কোনো ধৰনৰ যোগাযোগ কৰা নাছিল । সেনা বাহিনীয়ে নিজা ববীয়াকৈ জানিব পাৰি আগবাঢ়ি গৈ ছামোদিছা আদি অঞ্চলত আৱদ্ধ হৈ থকা বন্যাৰ্তৰ উদ্ধাৰ কৰিছিল জিলা প্ৰশাসনৰ অজ্ঞাতে । মঙ্গলবাৰে চিৰাং জিলা প্ৰশাসনৰ অজ্ঞাতেই ডাবাবিললৈ এচ এচ বিৰ দল উপস্থিত হৈছিল । মুঠতে চিৰাং জিলাৰ বন্যাৰ্তৰ উদ্ধাৰ আৰু সাহাৰ্য্য প্ৰদানত জিলাপ্ৰশাসনে কোনো ধৰনৰ গুৰুত্বপ্ৰদান কৰা নাছিল বুলি অভিযোগ কৰিছে বিভিন্ন ছাত্ৰ সংগঠন আৰু বন্যাৰ্ত সকলে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Last Updated : Jul 17, 2019, 11:55 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.