চিৰাং,12 মাৰ্চঃ বিধান সভা নিৰ্ব্বাচনৰ বাবে মাথো কেইটামান দিন বাকী । কিন্তু বিপিএফকে আদি কৰি কোনো এটা দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই যদিও ৩১ নং চিদলী(জনজাতীয়) বিধান সভা সমষ্টিত বিপিএফ দলে চলাই গৈছে নিৰ্বাচনী তৎপৰতা ৷
কাজলগাঁৱত শুকুৰবাৰে জিলাখনৰ কাজলগাঁও শাখা বিপিএফৰ কাৰ্যালয়খনক চিদলী বিধান সভা ভিত্তিক বিপিএফৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্য্যালয় হিচাপে উদ্বোধন কৰা হয় । মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত বিপিএফৰ চিদলী বিধান সভা নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি শৈলেন ইশ্বৱাৰীয়ে উদ্বোধন কৰে উক্ত কাৰ্য্যালয়খন । তাৰ পিচতে কাৰ্যালয়খনত নিৰ্বাচন পৰিচালনা তথা নিৰ্বাচনী ৰণনীতি প্ৰস্তুত সম্পৰ্কে আলোচনা অনুষ্ঠিত হয় ।
লগতে পঢ়কঃ নলবাৰীত সজাগতামূলক কাৰ্যসূচী জিলা প্ৰশাসনৰ